October 22, 2026 12:41 PM | Piyshu gowel

printer

দুদিনীয়া ভ্ৰমণসূচীৰে পীয়ুষ গোৱেল কাইলৈ জাৰ্মানীলৈ ৰাওনা হ’ব

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ জাৰ্মানীলৈ ৰাওনা হ’ব। জাৰ্মানীৰ পাছত তেওঁ নেডাৰলেণ্ড ভ্ৰমণ কৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মন্ত্ৰীগৰাকীৰ এই ভ্রমণে অর্থনৈতিক সম্পর্ক শক্তিশালী কৰাৰ লগতে দ্বিপাক্ষিক বাণিজ্যত উদগণি যোগাব আৰু ঔদ্যোগিক তথা প্ৰযুক্তিগত সহযোগিতা বৃদ্ধি পাব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীগোৱেলে বার্লিন গোলকীয় আলোচনাত অংশ লোৱাৰ লগতে জার্মান বিষয়াসকলৰ সৈতে বাণিজ্য, বিনিয়োগ, উন্নত উৎপাদন, পৰিৱেশ অনুকূল যাতায়াত ব্যৱস্থা আৰু স্বচ্ছ প্রযুক্তি বিষয়ক বৈঠকত মিলিত হ’ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত বাণিজ্য, বিনিয়োগ, প্রযুক্তিগত সহযোগিতা আৰু সুবিধাসমূহ ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ অধীনত আলোকপাত কৰা হ’ব।

নেডাৰলেণ্ডত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীগোৱেলে দেশখনৰ উদ্যোগ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব আৰু সেউজ প্রযুক্তিগত বাণিজ্যৰ সুযোগ তথা সহযোগিতা সন্দৰ্ভত অন্বেষণ কৰিব। মন্ত্ৰালয়ে লগতে কয় যে ভাৰত-জার্মানী আৰু নেডাৰলেণ্ডৰ মাজত বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিগত সম্পৰ্ক শক্তিশালী কৰাটোৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য।