October 22, 2026 12:41 PM
7
দুদিনীয়া ভ্ৰমণসূচীৰে পীয়ুষ গোৱেল কাইলৈ জাৰ্মানীলৈ ৰাওনা হ’ব
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ জাৰ্মানীলৈ ৰাওনা হ'ব। জাৰ্মানীৰ পাছত তেওঁ নেডাৰলেণ্ড ভ্ৰমণ কৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মন্ত্ৰীগৰাকীৰ এই ভ্রমণে অর্থনৈতিক সম্পর্ক শক্তিশালী কৰাৰ লগতে দ্বিপাক্ষিক বাণিজ্যত উদগণি যোগাব আৰু ঔদ্যোগিক তথা প্ৰযুক্তিগত সহযোগিতা বৃদ্ধি পাব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীগোৱেলে বার্লিন গোলকীয় আলোচনাত অংশ লোৱাৰ লগতে জার্মান বিষয়াসকলৰ সৈতে বাণিজ্য, বিনিয়োগ, উন্নত উৎপাদন, পৰিৱেশ অনুকূল যাতায়াত ব্যৱস্...