November 11, 2026 11:18 AM | Piyshu gowel

printer

ভাৰত চলিত বিত্তীয় বৰ্ষত এক ত্ৰিলিয়ন ডলাৰৰ ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি পীয়ুষ গোৱেলৰ আশা প্রকাশ

ভাৰতে চলিত বিত্তীয় বৰ্ষত এক ত্ৰিলিয়ন ডলাৰৰ ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আশা প্রকাশ কৰিছে। কালি নতুন দিল্লীত অনুষ্ঠিত ভাৰত মোবিলিটি এক্সপ’ ২০২৭ৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত শ্রীগোৱেলে কয় যে ভাৰতে ইতিমধ্যে বিত্তীয় বৰ্ষটোৰ প্ৰথম ছমাহত প্ৰায় ৪৮০ বিলিয়ন ডলাৰৰ ৰপ্তানি কৰিছে আৰু এই ৰপ্তানি নিৰ্ধাৰিত বাৰ্ষিক লক্ষ্যৰ প্ৰায় ৪৮ শতাংশ। তেওঁ কয় যে বছৰটোৰ দ্বিতীয়ার্ধত সাধাৰণতে ৰপ্তানি বৃদ্ধি হয় আৰু ভাৰতৰ সামগ্ৰিক ৰপ্তানিৰ স্থিতিক লৈ তেওঁ আশাবাদী বুলি শ্রীগোৱেলে আশা প্রকাশ কৰে । অভিযান্ত্ৰিক খণ্ডৰ বৰঙণিৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই খণ্ডৰ পৰা ২২ শতাংশতকৈও অধিক ৰপ্তানি বৃদ্ধি হৈছে। অহা ১৫ নৱেম্বৰত প্ৰকাশ পাবলগীয়া অক্টোবৰৰ ৰপ্তানিৰ পৰিসংখ্যাই আশাব্যঞ্জক ফলাফল দেখুৱাব বুলি তেওঁ মন্তব্য কৰে। শ্রীগোৱেলে ভাৰতে প্ৰতিভাৰ সঠিক ব্যৱহাৰেৰে সমস্যাসমূহৰ সমাধান কৰি প্ৰযুক্তি, বিকাশ আৰু শৈলী নিৰ্মাণৰ ক্ষেত্ৰত গোলকীয় কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে শীঘ্ৰেই এক কোটি যাত্রীবাহী বাহনৰ বিক্ৰীৰ লক্ষ্য স্থিৰ কৰা উচিত।

ভাৰত মোবিলিটি এক্সপ’ ২০২৭ সন্দৰ্ভত বাণিজ্য মন্ত্ৰীগৰাকীয়ে কয় যে কাৰ্যসূচীয়ে সমগ্র গতিশীল মূল্য শৃংখলাক একেখন মঞ্চত একত্ৰিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ লোকসকল এই অনুষ্ঠানৰ সৈতে জড়িত হোৱাটো আন এটা গুৰুত্বপূৰ্ণ দিশ বুলি তেওঁ মন্তব্য কৰে।

শ্রীগোৱেলে কয় যে ভাৰতীয় বজাৰে বিশ্বৰ নিৰ্মাণকাৰীসকলৰ বাবে নিজৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শনৰ বৃহৎ সুযোগ প্ৰদান কৰিছে। অহা বছৰৰ ফেব্ৰুৱাৰীত এই অনুষ্ঠানৰ পুনৰ আয়োজন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।