অসম চৰকাৰে উমৈহতীয়া দেৱানী বিধি, ২০২৬ ৰূপায়ণৰ খচৰা নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ এখন ৮ জনীয়া সমিতি গঠন কৰিছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সমিতিখনৰ সবিশেষ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা জাননী অনুসৰি এই বিধি বলৱৎ সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে সমিতিখন গঠন কৰা হৈছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্রক এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিত্ত বিভাগৰ আয়ুক্ত সচিব পার্থপ্রতিম মজুমদাৰ ন্যায় বিভাগৰ সচিব গীতাঞ্জলি ডি শইকীয়া, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ সচিব ফৰিদা চামছুল, আইনী বিচাৰ প্ৰক্ৰিয়া বিভাগৰ সঞ্চালক মাখন ফুকন, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব মৃদুল কুমাৰ দাস আৰু পঞ্জীয়ন বিভাগৰ সহকাৰী মহাপৰিদৰ্শক মনজিৎ কুমাৰ দাসক সমিতিৰ সদস্য হিচাপে ৰখা হৈছে। একেদৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ-সচিব তাপস গুপ্তাই এই সমিতিত সদস্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিব। জাননীখনত উল্লেখ কৰা মতে এই সমিতিখনক জাননী জাৰি কৰাৰ এমাহৰ ভিতৰত খচৰা নীতি-নিৰ্দেশনাসমূহ যুগুত কৰিবলৈ কোৱা হৈছে। এই সমিতিখনে উমৈহতীয়া দেৱানী বিধি অসমত কাৰ্যকৰীভাৱে বলৱৎ কৰাৰ ক্ষেত্ৰত সকলো দিশ লক্ষ্য ৰাখি প্ৰয়োজনীয় নীতিৰ খচৰা প্ৰস্তুত কৰি উলিয়াব। উল্লেখযোগ্য যে ৰাজ্যিক মন্ত্রীসভাই এই বছৰৰ ১২ মে’ত এই বিধেয়কখন বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনাইছিল। ২৫ মে’ত বিধানসভাত এই বিধেয়কখন উত্থাপন হৈছিল আৰু ২৭ মে’ত গৃহীত কৰা হৈছিল।
Assamese | October 22, 2026 11:20 AM | UCC
উমৈহতীয়া দেৱানী বিধি, ২০২৬ ৰূপায়ণৰ খচৰা প্ৰস্তুত কৰিবলৈ অসম চৰকাৰৰ সমিতি গঠন