October 22, 2026 11:20 AM
4
উমৈহতীয়া দেৱানী বিধি, ২০২৬ ৰূপায়ণৰ খচৰা প্ৰস্তুত কৰিবলৈ অসম চৰকাৰৰ সমিতি গঠন
অসম চৰকাৰে উমৈহতীয়া দেৱানী বিধি, ২০২৬ ৰূপায়ণৰ খচৰা নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ এখন ৮ জনীয়া সমিতি গঠন কৰিছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সমিতিখনৰ সবিশেষ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা জাননী অনুসৰি এই বিধি বলৱৎ সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে সমিতিখন গঠন কৰা হৈছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্রক এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিত্ত বিভাগৰ আয়ুক্ত সচিব পার্থপ্রতিম মজুমদাৰ ন...