October 22, 2026 11:51 AM | Vijaya Dashami

printer

গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজয়া দশমীত বিসর্জন প্রক্রিয়া সুকলমে সম্পন্ন

ধৰ্মীয় পৰম্পৰা আৰু যথাবিহিত নীতি-নিয়মেৰে কালি বিজয়া দশমীৰ সন্ধিয়া দেৱী দুৰ্গাৰ প্রতিমাসমূহ নৈৰ ঘাট, জলাশয় আদিত বিসর্জন দিয়া হয়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে গুৱাহাটী মহানগৰীত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সাতটা ঘাটত কালি প্রতিমাসমূহ বিসর্জন দিয়া হয় যদিও আজিও কোনো কোনো ঘাটত দেৱীৰ মৃন্ময় প্ৰতিমা বিসর্জন দিয়া হ’ব। মহানগৰীত ৬০০ৰো অধিক পূজাস্থলীত আয়োজিত দুর্গোৎসৱৰ প্ৰতিমাসমূহ ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জনৰ উদ্দেশ্যে প্ৰশাসনে লাচিত ঘাট, পাণ্ডু ঘাট, চুণচালি ঘাট, পানীখাইতী ঘাটৰ লগতে সাউকুছি ঘাট, বশিষ্ঠ মন্দিৰ ঘাট আৰু সোণাপুৰ পুৰণি বজাৰ ঘাট নির্ধাৰণ কৰি দিয়ে। লগতে বৃহৎ আকাৰৰ প্ৰতিমাসমূহ সহজে আৰু নিৰাপদে বিসর্জন দিয়াৰ উদ্দেশ্যে প্রশাসনে এইবেলি ক্ৰেনৰ ব্যৱস্থাও কৰে। একেদৰে আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা প্রশাসনে বৃহৎ আৰক্ষী বাহিনীৰ লগতে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু নদী আৰক্ষী বাহিনী মোতায়েন কৰে।

কালি বিসর্জন পর্বত গুৱাহাটীৰ পাণ্ডু ঘাটত উপস্থিত থাকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেৱী দুৰ্গাৰ আশীৰ্বাদে ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ জীৱনলৈ শান্তি-সমৃদ্ধি, শক্তি আৰু মংগলৰ বতৰা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে ।

ইপিনে, শিৱসাগৰ জিলাৰ গৌৰীসাগৰত দুর্গোৎসৱৰ বিজয়া দশমী পৰম্পৰা ৰক্ষা কৰি কালি ৰাৱন দাহ কাৰ্যসূচী সম্পন্ন কৰা হয়। বিজয়া দশমীৰ দিনা ৰাৱনৰ প্ৰতিমূৰ্তি দাহৰ জৰিয়তে অশুভ শক্তি বিপৰীতে শুভ শক্তিৰ জয়ৰ বাৰ্তা প্ৰেৰণ কৰা হয়। প্রায় ৮ দশক পূৰ্বে আৰম্ভ হোৱা গৌৰীসাগৰৰ এই দুর্গোৎ‍সৱৰ কাৰ্যসূচীত ভালেসংখ্যক লোক উপস্থিত থাকে।

নগাঁও জিলাৰ ঐতিহাসিক নেহৰুবালিত কালি জিলা প্রশাসন, আৰক্ষী প্ৰশাসন তথা পৌৰসভাৰ তত্বাৱধানত শৃংখলাবদ্ধ আৰু সুচাৰুৰূপে দশভূজা দুৰ্গাৰ প্ৰতিমা বিসর্জন কার্যসূচী সম্পন্ন হয়। এই কাৰ্যসূচীত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়া আদিকে ধৰি জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া, আৰক্ষী প্ৰশাসন, পৌৰসভাৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজো উপস্থিত থাকে। জিলাখনৰ কলিয়াবৰ সমজিলা আৰু ৰহা সমজিলা তথা বিভিন্ন ৰাজচক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত জিলা প্ৰশাসনৰ তত্বাৱধানত শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে প্ৰতিমা বিসর্জন প্রক্রিয়া সম্পন্ন হয়।

বাক্সা জিলাৰ বৰমাতো কালি বিজয়া দশমীৰ সমান্তৰালকৈ ৰাৱন দাহন কাৰ্যসূচী সম্পন্ন হয়। বৰ্মা বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বৰমাৰ পৌৰপতি ৰজনী বৰজোৱাৰী আৰু বিটিচিৰ কাৰ্যবাহী সদস্য মুনমুন ব্রহ্মও উপস্থিত থাকে।

বৰপেটা জিলাৰ বিভিন্ন স্থানত কালি শান্তিপূর্ণভাৱে প্রতিমা বিসর্জন পর্ব সম্পন্ন হয়। জিলাখনৰ চাউলখোৱা নদীৰ ঘাট, বেকী নদীৰ ঘাট আৰু হাউলী ঘাট প্রতিমা বিসর্জনৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়ে। ইয়াৰোপৰি জিলাখনৰ বহৰীত কালি ৰাৱন দাহ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।  দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৮টা ঘাটত কালি ৩৯ খন দেৱীৰ প্ৰতিমা বিসর্জন দিয়া হয়।