October 22, 2026 8:26 PM

views 10

দক্ষিণ কামৰূপৰ কুকুৰমাৰাত বিজয়া দশমীৰ দিনটোত নাওখেল প্রতিযোগিতা অনুষ্ঠিত

দক্ষিণ কামৰূপৰ কুকুৰমাৰাত বিজয়া দশমীৰ দিনটোত নাওখেল প্রতিযোগিতা অনুষ্ঠিত হয়। কলহি নৈত অনুষ্ঠিত নাওখেলত ৰাজ্যৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে। কুকুৰমাৰা আঞ্চলিক সার্বজনীন দুর্গা পূজা সমিতিয়ে আয়োজন কৰা এই প্রতিযোগিতাত ২ নম্বৰ জিয়াকুৰৰ ঈশ্বৰপুত্ৰ নাৱৰীয়া দলে খিতাপ অৰ্জন কৰে। জাৰপাৰা ৰাইজৰ আশীৰ্বাদ নাও দলে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ছমৰীয়াৰ মামা ভাগিন নাৱৰীয়া দলে তৃতীয় স্থান অধিকাৰ কৰে। মামা ভাগিন নাৱৰীয়া দলৰ মজিবুৰ ৰহমানে শ্ৰেষ্ঠ গুৰিয়ালৰ খিতাপ লাভ কৰে।

October 22, 2026 11:51 AM

views 28

গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজয়া দশমীত বিসর্জন প্রক্রিয়া সুকলমে সম্পন্ন

ধৰ্মীয় পৰম্পৰা আৰু যথাবিহিত নীতি-নিয়মেৰে কালি বিজয়া দশমীৰ সন্ধিয়া দেৱী দুৰ্গাৰ প্রতিমাসমূহ নৈৰ ঘাট, জলাশয় আদিত বিসর্জন দিয়া হয়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে গুৱাহাটী মহানগৰীত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সাতটা ঘাটত কালি প্রতিমাসমূহ বিসর্জন দিয়া হয় যদিও আজিও কোনো কোনো ঘাটত দেৱীৰ মৃন্ময় প্ৰতিমা বিসর্জন দিয়া হ'ব। মহানগৰীত ৬০০ৰো অধিক পূজাস্থলীত আয়োজিত দুর্গোৎসৱৰ প্ৰতিমাসমূহ ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জনৰ উদ্দেশ্যে প্ৰশাসনে লাচিত ঘাট, পাণ্ডু ঘাট, চুণচালি ঘাট, পা...

October 21, 2026 8:46 PM

views 16

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ দশমী পূজা সম্পন্ন কৰাৰ পাছত বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব। গুৱাহাটী মহানগৰীত আজিৰে পৰা দুদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-যটৰ সমস্যা লাঘব কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীৰ পাণ্ডুঘাট আৰু লাচি...

October 2, 2025 1:06 PM

views 99

শাৰদীয় দুর্গোৎসৱৰ আজি বিজয়া দশমী

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ আজি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্রক্রিয়া সম্পন্ন হ'ব। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব ৷ গুৱাহাটী মহানগৰীত আজিৰে পৰা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-যটৰ সমস্যা লাঘব কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীত এইবাৰ ৫ ...