দক্ষিণ কামৰূপৰ কুকুৰমাৰাত বিজয়া দশমীৰ দিনটোত নাওখেল প্রতিযোগিতা অনুষ্ঠিত হয়। কলহি নৈত অনুষ্ঠিত নাওখেলত ৰাজ্যৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে।
কুকুৰমাৰা আঞ্চলিক সার্বজনীন দুর্গা পূজা সমিতিয়ে আয়োজন কৰা এই প্রতিযোগিতাত ২ নম্বৰ জিয়াকুৰৰ ঈশ্বৰপুত্ৰ নাৱৰীয়া দলে খিতাপ অৰ্জন কৰে।
জাৰপাৰা ৰাইজৰ আশীৰ্বাদ নাও দলে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ছমৰীয়াৰ মামা ভাগিন নাৱৰীয়া দলে তৃতীয় স্থান অধিকাৰ কৰে। মামা ভাগিন নাৱৰীয়া দলৰ মজিবুৰ ৰহমানে শ্ৰেষ্ঠ গুৰিয়ালৰ খিতাপ লাভ কৰে।