আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ দশমী পূজা সম্পন্ন কৰাৰ পাছত বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ’ব। গুৱাহাটী মহানগৰীত আজিৰে পৰা দুদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-যটৰ সমস্যা লাঘব কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

মহানগৰীৰ পাণ্ডুঘাট আৰু লাচিত ঘাটত প্ৰতিমা বিসর্জন চলি আছে। পাণ্ডুঘাটত আজি আৰু কাইলৈ প্ৰায় ডেৰশখন পূজাৰ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে।

গোৱালপাৰা জিলাৰ ৩৬ খন পূজা সমিতিয়ে চহৰখনৰ কাছাৰীঘাটত বিসৰ্জন কাৰ্যসূচী সমাপন কৰিব। ইয়াৰ বাবে প্রশাসনে ইতিমধ্যে কাছাৰী ঘাটত ৰেম্প তৈয়াৰ কৰা কাম সম্পূৰ্ণ কৰিছে। আজি বিয়লিৰে পৰা ঘাটটোত বিসর্জন কাৰ্যসূচী অনুষ্ঠিত হ’ব।

শিলচৰৰ বৰাক নদীত আজি দুপৰীয়াৰ ভাগৰ পৰা প্ৰতিমা বিসর্জন কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিসৰ্জন পৰ্বক কেন্দ্ৰ কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। বিসর্জন কাৰ্যসূচীত জিলাখনত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বৰ বাবে ঘাটসমূহত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীৰ জোৱানসকলৰ লগতে নিৰাপত্তা কর্মীও মোতায়েন কৰা হৈছে।

শাৰদীয় দুর্গোৎসৱৰ অন্তিম দিনটোত দেৱী দুৰ্গাক বিদায় দিয়াৰ বাবে মানকাচৰৰ মণ্ডপে মণ্ডপে ব্যাপক আয়োজন চলিছে। ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰৰ নেতাই ধুবুনী ঘাট, গৌৰীপুৰ আৰু গোলকগঞ্জৰ গদাধৰ নৈ, বিলাসীপাৰাৰ গৌৰাং নৈত পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে জিলা প্ৰশাসনৰ তত্বাৱধানত বিয়লিলৈ বিসর্জন পর্ব অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিজয়া দশমী উপলক্ষে জনসাধাৰণক উদ্দেশ্যি দিয়া বাৰ্তাত এই পৰ্বই অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয় সাব্যস্ত কৰাটোকে প্ৰতিপন্ন কৰে বুলি উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।