October 22, 2026 5:58 PM

views 17

শাৰদীয় দুর্গা পূজাৰ অন্ত পৰে যদিও ৰাজ্যৰ বিভিন্ন স্থানত দেৱীৰ প্ৰতিমা বিসর্জন প্ৰক্ৰিয়া অব্যাহত

শাৰদীয় দুর্গা পূজাৰ অন্ত পৰে যদিও ৰাজ্যৰ বিভিন্ন স্থানত দেৱীৰ প্ৰতিমা বিসর্জন প্ৰক্ৰিয়া আজিও অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীৰ পাণ্ডু ঘাটত দুৰ্গাৰ বিসৰ্জন প্ৰক্ৰিয়া আজি বিয়লিৰ পৰা পুনৰ আৰম্ভ হৈছে। পুৱাৰ ভাগৰ পৰা বিসৰ্জনৰ সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও পুজা সমিতিসমূহে আজি বিয়লিৰ ভাগৰ পৰাহে বিসৰ্জনৰ বাবে পাণ্ডু ঘাটলৈ আহে। সেই অনুসৰি পাণ্ডু ঘাটত বিসৰ্জন প্রক্রিয়া বর্তমান পূর্ণ গতিত চলি আছে। আজি নিশা পর্যন্ত ৪০ খন প্রতিমা পাণ্ডু ঘাটত বিসর্জন দিয়া হ'ব। পাণ্ডু বিসর্জন সমিতিৰ বিষয়ববীয়াই বিসৰ্জন প্...

October 22, 2026 6:36 PM

views 17

দুৰ্গা পূজাৰ সময়ছোৱাত গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যুৰ লগতে ১০৫ জন আহত

দুৰ্গা পূজাৰ সময়ছোৱাত যোৱা ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০৫ জন আহত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎ‍সালয়ৰ তথ্য অনুসৰি এই সময়ছোৱাত পথ দুৰ্ঘটনাত আহত ১১৪জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ইয়াৰে ৯জনৰ মৃত্যু হয়।

October 21, 2026 8:46 PM

views 16

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ দশমী পূজা সম্পন্ন কৰাৰ পাছত বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব। গুৱাহাটী মহানগৰীত আজিৰে পৰা দুদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-যটৰ সমস্যা লাঘব কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীৰ পাণ্ডুঘাট আৰু লাচি...

October 19, 2026 3:47 PM

views 32

শাৰদীয় দুর্গোৎসৱৰ আজি মহা অষ্টমী

শাৰদীয় দুর্গোৎসৱৰ আজি মহা অষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। আজি পুৱাতেই মহাষ্টমীৰ পূজা সম্পন্ন হোৱাৰ বাবে পূজা মণ্ডপসমূহত নিচেই পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাষ্টমী আৰু মহা নৱমী উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দেৱীৰ মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰূপে দেশৰ জনসাধাৰণৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনিব বুলি তেওঁ কামনা কৰে। অসমৰ প্ৰতিখন পূজাথলীতে পৱিত্ৰ মন্ত্রপাঠ, আৰতি, ধূপ-দীপ আৰু মংগলধবনিৰে মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে।...

October 16, 2026 11:36 AM

views 29

ষষ্ঠীৰ বেদীত আজি দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে শাৰদীয় দুর্গোৎসৱ আৰম্ভ

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত আজি দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ'ব। বিশ্বাস অনুসৰি এইবাৰ দেৱী দুৰ্গাৰ ঘোঁৰাত আগমন ঘটিছে আৰু নাৱত গমন হ'ব। ৰাজ্যৰ প্ৰান্তে প্রান্তে পূজা-মণ্ডপসমূহ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। ইতিহাস প্ৰসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাত শাৰদীয় দুর্গোৎসৱৰ এই পৱিত্ৰ...

October 13, 2026 2:37 PM

views 21

শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হৈছে

শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হৈছে। সাহস, মানসিক শক্তি, শান্তি আৰু ৰূপ-লাৱন্যৰ অধিষ্ঠাত্ৰী দেৱী চন্দ্ৰঘণ্টাৰ পূজা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ প্রাচীন দৌল-দেৱালয়সমূহত যথাবিহিত ৰীতি-নীতিৰে সম্পন্ন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ তৃতীয় দিনা জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে সাহস, শান্তি আৰু স্বৰ্গীয় শক্তিৰ প্ৰতীক দেৱী চন্দ্ৰঘণ্টাৰ পূজা উপলক্ষে সকলোৰে জীৱন সুখ-সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰিব বুলি আশা...

October 11, 2026 11:32 AM

views 49

ৰাজ্যজুৰি শাৰদীয় দুর্গা পূজাৰ ব্যাপক প্রস্তুতি; আজি ধর্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ

দেবী দুর্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেবী দুর্গাৰ ৯টা ৰূপক পূজা-অর্চনা কৰে। প্ৰথম দিনা শৈলপুত্রী হিচাপে মা দুর্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্রমান্বয়ে ব্রহ্মচাৰিণী, চন্দ্রঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে ষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহা নবমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসর্জন দিয়া হ'ব। এইবাৰ...