শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হৈছে

শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হৈছে। সাহস, মানসিক শক্তি, শান্তি আৰু ৰূপ-লাৱন্যৰ অধিষ্ঠাত্ৰী দেৱী চন্দ্ৰঘণ্টাৰ পূজা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ প্রাচীন দৌল-দেৱালয়সমূহত যথাবিহিত ৰীতি-নীতিৰে সম্পন্ন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ তৃতীয় দিনা জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে সাহস, শান্তি আৰু স্বৰ্গীয় শক্তিৰ প্ৰতীক দেৱী চন্দ্ৰঘণ্টাৰ পূজা উপলক্ষে সকলোৰে জীৱন সুখ-সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে কালি নৱৰাত্ৰিৰ দ্বিতীয় দিনটোত দেৱীক ব্ৰহ্মচাৰিণীৰ ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱীৰ কুষ্মাণ্ডা ৰূপৰ পূজা কৰা হ’ব। ইয়াৰ পাছত স্কন্দমাতা আৰু কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ’ব। আনহাতে পৰহিলৈ ষষ্ঠীৰ সন্ধিয়া দেৱীক, বেদীত প্ৰতিষ্ঠা কৰা হ’ব।

সপ্তমীত কালৰাত্রি, মহাষ্টমীত মহাগৌৰী আৰু মহা নৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীক বিসর্জন দিয়া হ’ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব।