শাৰদীয় দুর্গোৎসৱৰ আজি মহা অষ্টমী

শাৰদীয় দুর্গোৎসৱৰ আজি মহা অষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। আজি পুৱাতেই মহাষ্টমীৰ পূজা সম্পন্ন হোৱাৰ বাবে পূজা মণ্ডপসমূহত নিচেই পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হয়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাষ্টমী আৰু মহা নৱমী উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দেৱীৰ মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰূপে দেশৰ জনসাধাৰণৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনিব বুলি তেওঁ কামনা কৰে।

অসমৰ প্ৰতিখন পূজাথলীতে পৱিত্ৰ মন্ত্রপাঠ, আৰতি, ধূপ-দীপ আৰু মংগলধবনিৰে মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে। দেৱীৰ মহাগৌৰীৰূপে পৱিত্ৰতা, আধ্যাত্মিকতা আৰু গভীৰ সংযমক প্ৰতিনিধিত্ব কৰে। আজি নৱমী তিথি আৰম্ভ হোৱাৰ বাবে কোনো কোনো ঠাইত কুমাৰী পূজাও কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে আধুনিক পূজা মণ্ডপৰ বৰ্ণিল আলোকসজ্জা আৰু অসমৰ প্ৰাচীন দৌল-দেৱালসমূহত পৰম্পৰাগতভাৱে দুৰ্গা পূজা পালন কৰা হৈছে। সমগ্ৰ অসমত ৯ হাজাৰৰো অধিক পূজা মণ্ডপত দেৱী দুৰ্গাক আৰাধনা কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ ৬ শতাধিক পূজা মণ্ডপত দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে অগণন ভক্তৰ সমাগম হৈছে। গুৱাহাটীৰ ভাস্কৰনগৰ, বিষ্ণুপুৰ, পাণ্ডু, বেলতলাকে ধৰি কেইবাটাও স্থানত আটকধুনীয়া আৰু ব্যতিক্রমী পূজা মণ্ডপে সকলোকে আকৰ্ষণ কৰিছে।

গুৱাহাটীৰ উগ্ৰতাৰা আৰু ছত্ৰাকাৰ দেৱালয়ৰ লগতে উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়তো পৰম্পৰাগতভাৱে দেৱীক আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত মহাষ্টমীত দেৱীৰ আশীষ ল’বলৈ অগণন ভক্তৰ সমাগম হৈছে। বাক্সা জিলাতো পৰম্পৰাগত ৰীতি-নীতি আৰু ধৰ্মীয় আস্থা বৰ্তাই ৰাখি দুৰ্গা পূজা উদযাপন কৰা হৈছে। কোকৰাঝাৰ জিলাৰ পূজা মণ্ডপসমূহত আজি ভক্তসকলে দেৱীক আৰাধনাৰ বাবে সমবেত হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰলৈ গৈ ৮ খন দুৰ্গা পূজা মণ্ডপত দেৱীৰ আশীষ ল’ব। তেওঁ ইতিহাসপ্রসিদ্ধ কাঁচাকান্তি মন্দিৰৰ লগতে ৰামকৃষ্ণ মিছন সেৱাশ্ৰমতো পূজা-অৰ্চনা কৰিব।

ইপিনে, ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনে পূজাৰ সময়ছোৱাত শান্তি-শৃংখলা অটুত ৰখাৰ লগতে নিয়াৰিকৈ পূজা পালনৰ বাবে সকলো প্রচেষ্টা অব্যাহত ৰাখিছে। যোৰহাট জিলাত যান-বাহন আৰক্ষীয়ে পূজাৰ সময়ছোৱাত যান-জঁট নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।