শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত আজি দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ’ব। বিশ্বাস অনুসৰি এইবাৰ দেৱী দুৰ্গাৰ ঘোঁৰাত আগমন ঘটিছে আৰু নাৱত গমন হ’ব। ৰাজ্যৰ প্ৰান্তে প্রান্তে পূজা-মণ্ডপসমূহ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। ইতিহাস প্ৰসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাত শাৰদীয় দুর্গোৎসৱৰ এই পৱিত্ৰ ক্ষণত সমূহ ৰাজ্যবাসীৰ মংগল কামনাৰে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই প্ৰতিগৰাকী লোকৰ জীৱনলৈ নতুন আশা, শক্তি আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিব বুলি কামনা কৰে। তেওঁ লগতে দেৱী দুর্গাই অশুভ শক্তি, হিংসা-বিদ্বেশ দূৰ কৰি সমাজখনক মৰম, ভালপোৱা, সম্প্ৰীতি আৰু ভাতৃবোধেৰে আলোকিত কৰিব বুলি আশা প্রকাশ কৰে ।
গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ উপাসনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূর্ণ হৈছে। চিচি টিভি কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে ৫৫০ খনৰো অধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে। শক্তিপীঠ কামাখ্যা ধাম, উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়, উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়, বেলশৰৰ বিশ্বেশ্বৰ দেৱালয়কে ধৰি বিভিন্ন ইতিহাস প্রসিদ্ধ স্থানসমূহত পূজা উপলক্ষে পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে।