ৰাজ্যজুৰি শাৰদীয় দুর্গা পূজাৰ ব্যাপক প্রস্তুতি; আজি ধর্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ

দেবী দুর্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেবী দুর্গাৰ ৯টা ৰূপক পূজা-অর্চনা কৰে। প্ৰথম দিনা শৈলপুত্রী হিচাপে মা দুর্গাক আৰাধনা কৰা হয়।

ইয়াৰ পাছত ক্রমান্বয়ে ব্রহ্মচাৰিণী, চন্দ্রঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ’ব। আনহাতে ষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহা নবমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসর্জন দিয়া হ’ব।

এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। ইপিনে, কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহালয়া উপলক্ষে পিতৃ পুৰুষৰ শ্রাদ্ধ পাৰ্বন আদি কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ, জান-জুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে মহালয়াৰ পবিত্র ক্ষণত শ্রাদ্ধ আগবঢ়ায়।

নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা ৰাজ্যৰ কোনো স্থানত দুর্গাপূজা অনুষ্ঠিত হৈছে। নলবাৰী জিলাৰ বেলশৰত স্থাপিত ইতিহাস প্রসিদ্ধ বিশ্বেশ্বৰ দেৱালয়ত আজিৰে পৰা ১১ দিনীয়াকৈ দুর্গাপূজা অনুষ্ঠিত হ’ব।

ইপিনে, দুর্গাপূজালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ্য প্রস্তুতি চলিছে। দুর্গাপূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নির্মাণ আৰম্ভ হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃৎ শিল্পীসকলে দেৱীৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। গুৱাহাটী মহানগৰক পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখা আৰু পূজাৰ সময়ত স্বচ্ছতাৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে স্বচ্ছ দুর্গা পূজা প্রতিযোগিতা আয়োজন কৰাৰ ব্যৱস্থা কৰিছে।

পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি দুর্গা পূজা সমিতিসমূহে পূজা মণ্ডপ আৰু ইয়াৰ চৌপাশ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে ডাষ্টবিন ব্যৱহাৰ কৰাটো প্রশাসনে বাধ্যতামূলক কৰিছে। ১৬ৰ পৰা ২১ অক্টোবৰলৈ হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছ দুর্গা পূজা প্রতিযোগিতাত অংশগ্রহণকাৰী সকলো পূজা সমিতিক মানপত্র প্রদান কৰা হ’ব।

ইপিনে গুৱাহাটীৰ বিষ্ণুপুৰ সাৰ্বজনীন পূজা সমিতিয়ে এইবাৰ দুর্গা পূজাৰ দেৱী দৰ্শনৰ বাবে অভিনৱ ব্যবস্থা গ্ৰহণ কৰিছে। এই অনুসৰি দৰ্শনাৰ্থীসকলে বুক মাই শ্ব’ৰ জৰিয়তে ১৯৯ টকা দি আগতীয়াকৈ টিকট বুক কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে।