October 11, 2026 11:32 AM

views 13

ৰাজ্যজুৰি শাৰদীয় দুর্গা পূজাৰ ব্যাপক প্রস্তুতি; আজি ধর্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ

দেবী দুর্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেবী দুর্গাৰ ৯টা ৰূপক পূজা-অর্চনা কৰে। প্ৰথম দিনা শৈলপুত্রী হিচাপে মা দুর্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্রমান্বয়ে ব্রহ্মচাৰিণী, চন্দ্রঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে ষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহা নবমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসর্জন দিয়া হ'ব। এইবাৰ...