শাৰদীয় দুর্গা পূজাৰ অন্ত পৰে যদিও ৰাজ্যৰ বিভিন্ন স্থানত দেৱীৰ প্ৰতিমা বিসর্জন প্ৰক্ৰিয়া আজিও অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীৰ পাণ্ডু ঘাটত দুৰ্গাৰ বিসৰ্জন প্ৰক্ৰিয়া আজি বিয়লিৰ পৰা পুনৰ আৰম্ভ হৈছে।
পুৱাৰ ভাগৰ পৰা বিসৰ্জনৰ সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও পুজা সমিতিসমূহে আজি বিয়লিৰ ভাগৰ পৰাহে বিসৰ্জনৰ বাবে পাণ্ডু ঘাটলৈ আহে। সেই অনুসৰি পাণ্ডু ঘাটত বিসৰ্জন প্রক্রিয়া বর্তমান পূর্ণ গতিত চলি আছে। আজি নিশা পর্যন্ত ৪০ খন প্রতিমা পাণ্ডু ঘাটত বিসর্জন দিয়া হ’ব। পাণ্ডু বিসর্জন সমিতিৰ বিষয়ববীয়াই বিসৰ্জন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কেইবাটাও পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
কালি নিশা পর্যন্ত পাণ্ডু ঘাটত ৭৭ খন দেৱীৰ প্ৰতিমা বিসর্জন দিয়া হয়। মহানগৰীৰ লাচিত ঘাটত কালি নিশা ডেৰ বজা পর্যন্ত দেৱীৰ প্ৰতিমা বিসর্জন প্ৰক্ৰিয়া অনুষ্ঠিত হয়। নিশা পর্যন্ত লাচিত ঘাটত ২৮৮ খন প্রতিমা বিসৰ্জন দিয়া হয়।
একেদৰে চুনচালিৰ জয়পুৰ ঘাটত কালি ৩৮ খন প্রতিমা বিসর্জন দিয়া হয়। দক্ষিণ কামৰূপৰ কুকুৰমাৰাত বিজয়া দশমীৰ দিনটোত নাওখেল প্রতিযোগিতা অনুষ্ঠিত হয়। কলহি নৈত অনুষ্ঠিত নাওখেলত ৰাজ্যৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে।
কুকুৰমাৰা আঞ্চলিক সার্বজনীন দুর্গা পূজা সমিতিয়ে আয়োজন কৰা এই প্ৰতিযোগিতাত ২ নম্বৰ জিয়াকুৰৰ ঈশ্বৰপুত্ৰ নাৱৰীয়া দলে খিতাপ অৰ্জন কৰে। জাৰপাৰা ৰাইজৰ আশীর্বাদ নাও দলে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ছমৰীয়াৰ মামা ভাগিন নাৱৰীয়া দলে তৃতীয় স্থান অধিকাৰ কৰে। মামা ভাগিন নাৱৰীয়া দলৰ মজিবুৰ ৰহমানে শ্রেষ্ঠ গুৰিয়ালৰ খিতাপ লাভ কৰে।