September 8, 2024 11:55 AM | Bhupen hazarika | Chirang

printer

চিৰাং জিলাৰ বিজনীত ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন

চিৰাং জিলাতো ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি বিজনীস্থিত জিৰণি গৃহ প্ৰাংগণত এই দিৱস পালন কৰা হ’ব । ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ তৰুণ দেৱৰায়ে বন্তি প্ৰজ্বলন কৰাৰ পাছত অনাতাঁৰ শিল্পী অশোক ব্ৰহ্মই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব। ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিয়ে এই দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ, সমবেত সংগীত, আই সকলৰ নাম, সম্বৰ্ধনা অনুষ্ঠান, ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰু স্মৃতিচাৰণ সভাৰো আয়োজন কৰিছে। স্মৃতিচাৰণ সভাত মূল বক্তা হিচাপে অংশ লব বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা স্বর্ণলতা তালুকদাৰে। সন্ধিয়ালৈ বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে বন্তি প্রজ্বলন কাৰ্যসূচী মুকলি কৰিব।