September 9, 2026 11:08 AM

views 25

কুঠৰীত অৱস্থিত ড০ ভূপেন হাজৰিকাৰ ঐতিহাসিক বাসগৃহটো ঐতিহ্য ভৱন হিচাপে সংৰক্ষণ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে কলিয়াবৰৰ কুঠৰীত অৱস্থিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ঐতিহাসিক বাসগৃহটো ঐতিহ্য ভৱন হিচাপে সংৰক্ষণ কৰিব। ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই কালি জখলাবন্ধাৰ ত্ৰিবেণী কাননৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইকথা ঘোষণা কৰে। তেওঁ কয়, যে ইয়াৰ বাবে বাসভৱন আৰু চৌহদৰ মাটিখিনি চৰকাৰে ইতিমধ্যে আনুষ্ঠানিকভাৱে নিজৰ জিম্মালৈ আনিছে। তেওঁ কয়, যে সোনকালে ইয়াৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ কাম আৰম্ভ ক...

September 7, 2026 12:09 PM

views 67

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটীৰ জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ড° ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি ‘মানুহে মানুহৰ বাবে' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শ...

September 5, 2026 6:41 PM

views 90

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজিৰে পৰা অহা ৮ ছেপ্তেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা ৮ ছেপ্তেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃত সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানত অনুষ্ঠিত হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া ছয় বজাত কলকাতাৰ অসম ভৱনত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী ...

September 5, 2026 11:11 AM

views 103

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ কাৰ্যসূচী

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অহা ৮ ছেপ্টেম্বৰলৈ এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃত পুৱা ১০ বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্রতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানত অনুষ্ঠিত হ'ব। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া ছয় বজাত কলকা...

September 4, 2026 5:54 PM

views 17

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব। ইয়াৰ অংশ হিচাপে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা কালি জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ আৰু গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ প্ৰেক্ষাগৃহত হ’বলগীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। বৈঠকত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ অধ্যাপক, প্রশাসনিক মুৰব্বী আ...

September 2, 2026 8:42 PM

views 20

ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহীৰূহ ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী ...

August 14, 2026 8:01 PM

views 27

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি দীপক সংঘৰ চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সামাজিক-সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই ব্যতিক্রমী চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন কৰিছে। সুধাকণ্ঠৰ চিৰ যুগমীয়া গীতসমূহক ভিত্তি হিচাপে লৈ লক্ষজনে লক্ষ্য পোৱা তুলিকা তুলি লোৱানা শীৰ্ষক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু স্নাতক শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা শাখাত আয়োজন কৰা এই প্ৰতিযোগিতা কাইলৈ পুৱা ১০ বজাত দীপক সংঘৰ কার্যালয় প্ৰ...

July 11, 2026 5:45 PM

views 28

গুৱাহাটীৰ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ববন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ’বঃ মুখ্যমন্ত্ৰী

গুৱাহাটীৰ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ববন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়, যে এই সমন্বয়ক্ষেত্ৰত অগমেণ্টেদ ৰিয়েলিটি, ভার্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্রযুক্তি সংযোজিত কৰা হ'ব । ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব...

November 17, 2025 6:08 PM

views 83

ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ’বঃ মুখ্যমন্ত্ৰী

ড° ভূপেন হাজৰিকাৰ বছৰযোৰাকৈ জন্ম শতবৰ্ষ অনুষ্ঠান উদযাপন হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপতে ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি কিংবদন্তি সাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ জন্মস্থানৰ সমীপতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ব বুলি জনাইছে।

November 17, 2025 6:04 PM

views 96

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাচক্ৰখন ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ড০ ভূপেন হাজৰিকাৰ আত্মীয়তাৰ কথা ব্যক্ত কৰে। প্ৰথম দিনা অনুষ্ঠিত দুখনকৈ অনুষ্ঠিত আলোচনা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষ...