বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটীৰ জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ড° ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কাইলৈ কলাক্ষেত্ৰত ‘মহামিলনৰ তীৰ্থ” শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত-মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্রৱাহমান কৰি ৰখাৰ উদ্দেশ্যে এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈছে।
ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহীৰূহ ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ’ব।
আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ তেজপুৰৰ জিলা পুঁথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া ৬ বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰেই গান শীৰ্ষক এখন সংগীতালেখ্য পৰিবেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।