ৰাজ্য চৰকাৰে কলিয়াবৰৰ কুঠৰীত অৱস্থিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ঐতিহাসিক বাসগৃহটো ঐতিহ্য ভৱন হিচাপে সংৰক্ষণ কৰিব। ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই কালি জখলাবন্ধাৰ ত্ৰিবেণী কাননৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইকথা ঘোষণা কৰে। তেওঁ কয়, যে ইয়াৰ বাবে বাসভৱন আৰু চৌহদৰ মাটিখিনি চৰকাৰে ইতিমধ্যে আনুষ্ঠানিকভাৱে নিজৰ জিম্মালৈ আনিছে। তেওঁ কয়, যে সোনকালে ইয়াৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ কাম আৰম্ভ কৰা হ’ব যাতে ভৱিষ্যৎ প্রজন্মই কলিয়াবৰৰ সৈতে ভূপেন হাজৰিকাৰ নিবিড় সম্পৰ্কৰ বিষয়ে জানিব পাৰে। উল্লেখযোগ্য যে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত মাজুলীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত এই বাসগৃহটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল, যদিও দীৰ্ঘদিন ধৰি এই ঘোষণা কার্যকৰী হোৱা নাছিল।
Assamese | September 9, 2026 11:08 AM | Bhupen hazarika
কুঠৰীত অৱস্থিত ড০ ভূপেন হাজৰিকাৰ ঐতিহাসিক বাসগৃহটো ঐতিহ্য ভৱন হিচাপে সংৰক্ষণ ৰাজ্য চৰকাৰৰ