September 5, 2026 6:41 PM | Bhupen hazarika

printer

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজিৰে পৰা অহা ৮ ছেপ্তেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা ৮ ছেপ্তেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃত সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানত অনুষ্ঠিত হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া ছয় বজাত কলকাতাৰ অসম ভৱনত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৮ ছেপ্তেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব।

সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ড° ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহীৰূহ ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ’ব।