গুৱাহাটীৰ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ববন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ’বঃ মুখ্যমন্ত্ৰী

গুৱাহাটীৰ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ববন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে।

মুখ্যমন্ত্ৰীয়ে আজি ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়, যে এই সমন্বয়ক্ষেত্ৰত অগমেণ্টেদ ৰিয়েলিটি, ভার্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্রযুক্তি সংযোজিত কৰা হ’ব । ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱ প্ৰজন্মক সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ড° শৰ্মাই উল্লেখ কৰে।

তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্রীয়ে কয়, যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ’ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবার্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁৰ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব।