July 11, 2026 5:45 PM

গুৱাহাটীৰ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ববন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ’বঃ মুখ্যমন্ত্ৰী

গুৱাহাটীৰ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ববন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়, যে এই সমন্বয়ক্ষেত্ৰত অগমেণ্টেদ ৰিয়েলিটি, ভার্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্রযুক্তি সংযোজিত কৰা হ'ব । ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব...

December 6, 2025 8:46 PM

views 49

হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকাণ্ডি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয় যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। এ...

November 16, 2025 12:03 PM

views 60

বড়ো সাহিত্য সভাই ভিন ভিন ভাষাৰ সৈতে বড়ো ভাষাক সাঁকোৰ দৰে গাঁঠি লোৱাত অগ্রণী ভূমিকা গ্রহণ কৰিছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

বড়ো সাহিত্য সভাৰ আজি ৭৪ সংখ্যক প্রতিষ্ঠা দিবস। এই উপলক্ষে বিটিআৰৰ জিলাকেইখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ দিনটোত সভাৰ পূৰ্বৰ কাণ্ডাৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী শর্মাই সামাজিক মাধ্যমযোগে কয়, যে ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ বর্ণিল জগতখনত বড়ো সাহিত্য সভাৰ বিশেষ অবদান আছে। তেওঁ কয়, যে জন্মলগ্নৰে পৰা বড়ো সাহিত্য সভাই চহকী বড়ো ভাষাৰ উত্তৰণ আৰু প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ লৈছে। বড়ো সাহিত্য ...

November 13, 2025 12:25 PM

views 78

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত চলিত বছৰৰ পহিলা জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব। আঁচনিৰ অধীনত সৰ্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা প্রদান কৰা হ'ব। একেদৰে, সম্পূৰ্ণৰূপে প্ৰতিবন্ধি হোৱা সকলক সর্বাধিক ১ কোটি টকাৰ বীমা আৰু আংশিকভাৱে প্ৰতিবন্ধিলৈ ৮০ লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়োৱা হ'ব। আঁচনিখনৰ অধীনত...

July 2, 2025 12:41 PM

views 88

২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে: মুখ্যমন্ত্ৰী

ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে সৰ্বকালৰ অভিলেখ গঢ়িছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে এই পর্যন্ত খাৰিফ বিপণন কালত ২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে। এয়া ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বকালৰ অভিলেখ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষত ৩ লাখ ১৪ হাজাৰ মেট্ৰিক টন আৰু ২০২২-২৩ বৰ্ষত ৫ লাখ ৯২ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছিল। কৃষকৰ বাবে ন্যূনতম সমৰ্থন মূল্য নিশ্চিত...

June 30, 2025 8:56 PM

views 56

গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব'ৰ্ড আৰু ৫খন বেডমিণ্টন ক'ৰ্ট সংযুক্তকৰণেৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়ামৰ নৱসংযোজনে গোলাঘাট জিলা ক্রীড়া ক্ষেত্ৰক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী শর্মাই আজি গোলাঘাট চৰক...

June 24, 2025 12:36 PM

views 66

বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

■ ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই সন্দৰ্ভত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত স্বাস্থ্য শিবিৰত বিভিন্ন জটিল ৰোগত আক্রান্ত ১৮ বছৰৰ তলৰ ৰোগীসকলক চিনাক্ত কৰি তেওঁলোকৰ প্রয়োজনীয় চিকিৎসা কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি স্বাস্থ্য শিবিৰৰ বাবে প্ৰয়োজনীয় চিকিৎসক, শিবিৰৰ স্থান আদি বিষয়তো আলোচনা কৰা ...

June 19, 2025 6:15 PM

views 49

ৰাজ্যত অহা ১০ অক্টোবৰৰ ভিতৰত পুনৰ ৪০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্রী

ৰাজ্যত অহা ১০ অক্টোবৰৰ ভিতৰত পুনৰ ৪০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব বুলি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেইবাটাও বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। উল্লেখযোগ্য যে এই অনুষ্ঠানত পশু পালন আৰু পশু চিকিৎসা বিভাগত ৪৪৩ গৰাকী পশু চিকিৎসা ক্ষেত্র সহায়ক, পর্যটন বিভাগত ১২ গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত ২৩ গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা ৩ ...

June 19, 2025 11:47 AM

views 53

ভটিয়াপাৰৰ অ’ এন জি চিৰ গেছ নির্গমন সন্দৰ্ভত নিগমৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ অ' এন জি চিৰ গেছ নির্গমন সন্দৰ্ভত কালি লোক সেৱা ভৱনত নিগমৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙৰ সৈতে এখন গুৰুত্ব বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে গেছ নির্গমনৰ ঘটনাটো অতি চিন্তাৰ বিষয় বুলি উল্লেখ কৰে। তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে সকলো সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে। ড০ শৰ্মাই জনসাধাৰণৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষগৰাকীক আহ্বান জনায়। মুখ্যমন্ত্রী শর্মাই এই গেছ নির্গমন সন্দৰ্ভত...

June 14, 2025 11:42 AM

views 59

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এ এম চি এইছ চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব

স্বাস্থ্য সেৱাৰ উন্নয়নৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ জেইল ৰোডত এ এম চি এইছ চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব। বিশ্ব বেংকৰ সাহায্য প্রাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত ২০৬ কোটি টকা ব্যয় সাপেক্ষে ২৮ হাজাৰ ৮৪৪ বৰ্গ মিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে ডিব্ৰুগড়ৰ ফুল বাগানৰ পুৰণি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চিকিৎসা, শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু উদ্যোগ,...