June 12, 2025 11:08 AM

views 50

সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এখন স্থায়ী আয়োগ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা

● ৰাজ্যৰ সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ন্যায়ালয়ৰ সমান ক্ষমতাসম্পন্ন এখন স্থায়ী আয়োগ গঠনৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰি এই কথা উল্লেখ কৰে। তেওঁ কয়, যে অহা অক্টোবৰত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত ইয়াৰ অনুমোদন লোৱা হ'ব। পৰিদর্শনকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি সংবাদমা...

June 11, 2025 9:16 PM

views 67

দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰ দৰ্শন কৰি সেৱা আগবঢ়োৱাৰ পাছত সত্ৰ পৰিচালনা সমিতিৰ শিল্পীসকলে পৰিৱেশন কৰা সত্ৰীয়া কৃষ্টি-সংস্কৃতি উপভোগ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, যে সত্ৰসমূহৰ পৱিত্ৰতা ৰক্ষাৰ বাবে চৰকাৰে নির্...

June 3, 2025 7:25 PM

views 54

বৰাক উপত্যকাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি বানপীড়িত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ বুজ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি বানপীড়িত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ বুজ লয়। মুখ্যমন্ত্রীয়ে জিলাখনৰ বানৰ কৱলত পৰা কেইবাটাও এলেকা পৰিদৰ্শন কৰাৰ উপৰি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, নর্মাল স্কুল, কেন্দ্রীয় বিদ্যালয়, কচমিক মার্কেট মালিনী বিল, উকিল বজাৰ নিম্ন প্ৰাথমিক বিদ্যালয় আৰু হিৰণপ্রভা দেৱ শিশু মন্দিৰত আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ বানপীড়িত লোকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আৰু জিলা আয়ুক্তক ...

June 2, 2025 7:43 PM

views 55

গুৱাহাটীৰ গড়ল তালুকবাসী ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মা দুর্গা মন্দিৰৰ মণিকূট নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ গড়ল তালুকবাসী ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মা দুর্গা মন্দিৰৰ মণিকূট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্রীয়ে এই মণিকূট নিৰ্মাণৰ বাবে ২৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ১৯২৭ চনত স্থাপন হোৱা গড়ল তালুক নামৰ অনুষ্ঠানটোৰ শতবৰ্ষ উদযাপনৰ পূৰ্বে এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হব বুলি ড০ শর্মাই আশা প্রকাশ কৰে। এই অনুষ্ঠানতে তেওঁ নুমলীগড় শোধনাগাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আজাৰা অঞ্চলৰ লোকসকলে জৰুৰীকালীন সময়ত ব্...

May 29, 2025 6:47 PM

views 68

ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ' কনফাৰেন্সিংযোগে ৰাজ্যখনৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত তৃতীয় পৰ্যায়ৰ অৰুণোদয়ৰ ফলপ্ৰসূ ৰূপায়ণ আৰু এই অভিযানৰ অগ্ৰগতি সম্পর্কে মুখ্যমন্ত্রীয়ে বিতংকৈ বুজ লয়। আলোচনা কালত এটি কলি দুটি পাত শীর্ষক নতুন আঁচনিখনৰ ৰূপায়ণৰ বিষয়েও স্থান লাভ কৰে। তদুপৰি বিভিন্ন জিলাত থকা চাহবাগিচাসমূহত স্থায়ী শ্রমিক আৰু অস্থায়ী শ্ৰমিকৰ পৰিসংখ্যা তথা চাহবাগিচাৰ কৰ্মচাৰীৰ সংখ্যা আৰু জিলা পৰ্যায়ত ৰূপায়ণ সমিতি গঠনকে ধৰি কেইবাটাও বিষয় মুখ্যমন্ত্রীয়ে আ...

May 27, 2025 11:34 AM

views 96

উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে উড়ান আঁচনিৰ পুনৰীক্ষণত গুৰুত্ব আৰোপ কেন্দ্ৰৰ

■ উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে উড়ান আঁচনিৰ পুনৰীক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কালি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কালি নতুন দিল্লীত বিষয়টো সন্দৰ্ভত আলোচনা কৰী শ্রী নাইডুৱে যোৰহাট-ডিব্ৰুগড় আৰু শিলচৰক আন কেইবাখনো চহৰৰ সৈতে সংযুক্ত কৰাৰ কথা প্ৰকাশ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিমান যোগাযোগ আৰু অসমৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই...

May 27, 2025 10:58 AM

views 56

যোৱা এটা দশকত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩ৰ পৰা ১৫ শতাংশ হাৰত বৃদ্ধি পাইছে: মুখ্যমন্ত্ৰী

● ক’ভিড কালক বাদ দি যোৱা এটা দশকত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩ৰ পৰা ১৫ শতাংশ হাৰত বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। চলিত বছৰত গুৱাহাটী অনুষ্ঠিত এডভান্টেজ আছামৰ তৃতীয় সংস্কৰণত ইয়াৰ প্ৰভাৱ প্ৰতিফলিত হৈছে বুলি ড০ শৰ্মাই উল্লেখ কৰে। কালি দেশৰ ইলেকট্রনিকছ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিৰ সৈতে দিল্লীত অনুষ্ঠিত আছাম ইলেকট্রনিকছ ৰাউণ্ড টেবুল ২০২৫ শীৰ্ষক সন্মিলনত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। অসম উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰস্থলত অৱস্থিত হোৱাৰ লগতে কৌশলগত দিশ...

May 24, 2025 11:52 AM

views 64

গৃহমন্ত্রীক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়লৈ আলোচনা কৰে।   মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে লাভ কৰা অভূতপূর্ণ সফলতাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। ড০ শৰ্মাই মাওবাদী নিৰ্মূলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ তথা এইক্ষেত্ৰত লাভ কৰা বৃহৎ সফলতাৰ বাবে শ্রীশ্বাহক অভিনন্দন জনায় ৷ মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি ন...

May 23, 2025 11:59 AM

views 64

২০২৭-২৮ বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ পৰিকল্পনা সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ

● ২০২৭-২৮ বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ১০ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে এটা ফলপ্রসূ আলোচনাত মিলিত হৈ এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰি অনাগত দিনত ৰাজ্যখনত ৰূপায়ণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ বিশেষকৈ নামৰূপত নতুন সাৰ কাৰখানা...

May 20, 2025 9:18 PM

views 53

এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূর্ণ, জনসাধাৰণকেন্দ্ৰীক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছেঃ মুখ্যমন্ত্ৰী

ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালিন সঁহাৰি ব্যৱস্থা অধিক সক্রিয় কৰি তোলাৰ কৌশল বিকাশৰ লক্ষ্যৰে আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূর্ণ, জনসাধাৰণকেন্দ্ৰীক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছে বুলি মন্তব্য কৰে। এই সন্মিলনত কৰা আলোচনাই অধিক সুৰক্ষিত আৰু নিৰাপদ অসম গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখ...