মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাজ্যখনৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত তৃতীয় পৰ্যায়ৰ অৰুণোদয়ৰ ফলপ্ৰসূ ৰূপায়ণ আৰু এই অভিযানৰ অগ্ৰগতি সম্পর্কে মুখ্যমন্ত্রীয়ে বিতংকৈ বুজ লয়। আলোচনা কালত এটি কলি দুটি পাত শীর্ষক নতুন আঁচনিখনৰ ৰূপায়ণৰ বিষয়েও স্থান লাভ কৰে। তদুপৰি বিভিন্ন জিলাত থকা চাহবাগিচাসমূহত স্থায়ী শ্রমিক আৰু অস্থায়ী শ্ৰমিকৰ পৰিসংখ্যা তথা চাহবাগিচাৰ কৰ্মচাৰীৰ সংখ্যা আৰু জিলা পৰ্যায়ত ৰূপায়ণ সমিতি গঠনকে ধৰি কেইবাটাও বিষয় মুখ্যমন্ত্রীয়ে আয়ুক্তসকলৰ সৈতে আলোচনা কৰে।
Assamese | May 29, 2025 6:47 PM | Akashvani | Akashvani News | CM Himanta Biswa Sarma | CMO Assam
ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ