ঐশ্বর্য বিভূতিৰ কামনাৰে ৰাজ্যজুৰি লক্ষ্মী পূজাৰ আয়োজন

ঐশ্বর্য বিভূতিৰ কামনাৰে আজি ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্রীশ্রীলক্ষ্মী দেৱীৰ পূজা কৰা হ’ব। প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যৰ প্রান্তে প্রান্তে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। অসমীয়া সমাজ-সংস্কৃতিত লক্ষ্মী পূজাৰ গভীৰ অধ্যাত্মিক, সামাজিক তথা অর্থনৈতিক তাৎপর্য আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত ভক্তি আৰু উলহমালহেৰে এই পূজা পালন কৰা হয়।

গৃহস্থই ঘৰতে ঘট স্থাপন কৰি বা বজাৰৰ পৰা দেৱী লক্ষ্মীৰ প্ৰতিমা আনি পূজা অর্চনা কৰে। ইয়াৰ উপৰি পদুম ফুল, ধানৰ থোক, মাটি চাকি আদিৰে পূজাৰ মণ্ডপ সজোৱা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লক্ষ্মী পূজা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। ড০ শর্মাই এটা বার্তা যোগে ধন-ঐশ্বৰ্য আৰু সৌভাগ্যৰ অধিষ্ঠাত্রী দেবী মা লক্ষ্মীৰ কৃপাদৃষ্টিয়ে সকলোকে সমৃদ্ধ কৰি তুলিব বুলি আশা প্রকাশ কৰে।

কামৰূপ জিলাত লক্ষ্মী দেৱীক আদৰাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈছে। জিলাখনৰ বিভিন্ন স্থানত বিস্তৃত কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে।

ধুবুৰী জিলাৰ ভিন্ন স্থানৰ দেৱালয়, মন্দিৰ আৰু ৰাজহুৱা পূজা মণ্ডপত লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিলাসীপাৰাৰ ৰোকাখাটাত বর্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজা অনুষ্ঠিত কৰা হৈছে। লক্ষ্মী পূজা উপলক্ষে জিলাখনত কেইবাখনো মেলাও অনুষ্ঠিত হ’ব। 

গোৱালপাৰা জিলাতো আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্রী লক্ষ্মী দেবীক পূজা-অর্চনা কৰিবলৈ সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। জিলাখনৰ বৰদামাতল-বৰজুৰি লক্ষ্মী মন্দিৰত আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰে লক্ষ্মী পূজা অনুষ্ঠিত হৈছে। কাছাৰ জিলাৰ বিভিন্ন স্থানৰ লগতে শিলচৰতো লক্ষ্মী দেবীক পূজা-অর্চনা কৰিবলৈ ব্যাপক আয়োজন কৰা হৈছে।

বৰপেটা জিলাৰ বিভিন্ন স্থানত লক্ষ্মী পূজাৰ প্ৰস্তুতি সম্পূর্ণ হৈছে। কেওটকুছিত এইবেলি সাত দিনীয়া কাৰ্যসূচীৰে ৯১ সংখ্যক পূজাৰ আয়োজন কৰা হৈছে। একেদৰে হাউলিৰ গহেখান্দা লক্ষ্মী মন্দিৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে।

বাক্সা জিলাৰ কেইবাটাও স্থানত ৰাজহুৱাভাৱে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। জিলাখনত অঞ্চলি আঞ্চলিক শ্রীশ্রী লক্ষ্মীপূজা উদযাপন সমিতিয়ে এইবাৰ ৪০ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰিছে।

একেদৰে ভুলুকামুৰী আঞ্চলিক লক্ষ্মী পূজা সমিতিৰ উদ্যোগত কেইবাদিনীয়া কাৰ্যসূচীৰে ৩০ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ জালাহ, বড়োবজাৰ, শালবাৰী, শিমলা, ৰূপহী আদি অঞ্চলতো বর্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজা আয়োজন কৰা হৈছে।

বজালী জিলাৰ ভোটান্ত সাদেৰীত আজিৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮১ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ভোটান্ত সাদেৰী শ্ৰীশ্রীলক্ষ্মী মন্দিৰ খেলপথাৰ আৰু শ্বহীদ ৰাউটা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

চিৰাং জিলাৰ বিজনীৰ ইতিহাস প্রসিদ্ধ শ্রীশ্রীলক্ষ্মী পূজা আৰু মেলা মহোৎসৱ আজিৰে পৰা ১৪ দিনীয়া কাৰ্যসূচীৰে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব।