শিল, বালিৰ মহলসমূহ বৈধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিবিদা আহ্বানৰ সিদ্ধান্ত; নৱেম্বৰৰ ভিতৰত নিবিদা সম্পূৰ্ণ কৰা হ’ব বুলি বনমন্ত্রী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা

ৰাজ্যত অবৈধভাৱে চলি থকা শিল, বালিৰ মহলসমূহ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। সেই অনুসৰি শিল, বালিৰ মহলসমূহ বৈধ কৰাৰ বাবে চৰকাৰে নিবিদা আহ্বান কৰাৰ সিদ্ধান্ত লৈছে। অহা নৱেম্বৰৰ ভিতৰত খনন সম্ভৱ হোৱা শিল আৰু বালি মহলৰ বাবে নিবিদা সম্পূৰ্ণ কৰা হ’ব বুলি কালি বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই ঘোষণা কৰিছে।

গুৱাহাটীত মুখ্যমন্ত্ৰীৰ সেউজ কর্মবাহিনীৰ শুভাৰম্ভ কৰি বনমন্ত্ৰীগৰাকীয়ে কয়, যে অবৈধ মহলসমূহক বৈধ ৰূপ দিয়াৰ বাবে এসপ্তাহৰ ভিতৰত শতাধিক নিবিদা প্ৰকাশ কৰা হ’ব। শিল, বালিৰ অবৈধ মহল চলি থকাৰ বাবে ৰাজ্য চৰকাৰ বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ কথাও তেওঁ কয়।

উল্লেখযোগ্য যে, বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কালি মুখ্যমন্ত্রী গ্রীণ ফেলা’শ্বিপ কাৰ্যসূচীৰ অধীনত ৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কাৰ্যকৰী কৰা এই কাৰ্যসূচীৰ অধীনত ইউৰোপ আৰু এছিয়াৰ ৯ খন দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত প্রশিক্ষণ সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰে।

মন্ত্ৰীগৰাকীয়ে কয়, যে পৰিৱেশ সজাগতা, পেলনীয়া সামগ্ৰীৰ নিষ্কাষণ, ব্যৱস্থাপনা তথা অন্যান্য সেউজমুখী প্ৰচাৰত সেউজ কর্মবাহিনীৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই কাৰ্যসূচীৰ জৰিয়তে এখন সেউজ, পৰিষ্কাৰ আৰু জলবায়ু সহনশীল অসম গঢ়ি তোলাৰ প্ৰতি ৰাজ্য চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি তেওঁ লগতে প্রকাশ কৰে।

ইপিনে, এই অনুষ্ঠানতে গুৱাহাটীৰ বান সমস্যা সমাধানৰ উদ্দেশ্যে ভৰলুক গতি দিয়াৰ বাবে চৰকাৰে পৰিকল্পনা কৰাৰ কথাও তেওঁ সদৰী কৰে। মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈৰ দুয়ো পাৰ জৈৱ সংবেদনশীল এলেকা ঘোষণা কৰা হ’ব পাৰে বুলি বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়। ভৰলু নৈক পুনৰুজ্জীৱিত কৰাৰ বাবে অদূৰ ভবিষ্যতে জৈৱ সংবেদন এলেকা ঘোষণা কৰাৰ সম্ভাৱনাৰ বিষয়ে তেওঁ প্রকাশ কৰে।

ৰাজ্যৰ জলাশয়সমূহৰ সংবর্ধনৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা হ’ব বুলিও মন্ত্রী শ্রীমল্লবৰুৱাই মন্তব্য কৰে। তেওঁ কয় যে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্যৰ জলাশয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।