October 25, 2026 10:36 AM

views 3

শিল, বালিৰ মহলসমূহ বৈধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিবিদা আহ্বানৰ সিদ্ধান্ত; নৱেম্বৰৰ ভিতৰত নিবিদা সম্পূৰ্ণ কৰা হ’ব বুলি বনমন্ত্রী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা

ৰাজ্যত অবৈধভাৱে চলি থকা শিল, বালিৰ মহলসমূহ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। সেই অনুসৰি শিল, বালিৰ মহলসমূহ বৈধ কৰাৰ বাবে চৰকাৰে নিবিদা আহ্বান কৰাৰ সিদ্ধান্ত লৈছে। অহা নৱেম্বৰৰ ভিতৰত খনন সম্ভৱ হোৱা শিল আৰু বালি মহলৰ বাবে নিবিদা সম্পূৰ্ণ কৰা হ'ব বুলি কালি বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই ঘোষণা কৰিছে। গুৱাহাটীত মুখ্যমন্ত্ৰীৰ সেউজ কর্মবাহিনীৰ শুভাৰম্ভ কৰি বনমন্ত্ৰীগৰাকীয়ে কয়, যে অবৈধ মহলসমূহক বৈধ ৰূপ দিয়াৰ বাবে এসপ্তাহৰ ভিতৰত শতাধিক নিবিদা প্ৰকাশ কৰা হ'ব। শিল, বালিৰ অবৈধ ...