ৰাজ্যত পুনৰ ৫ লাখ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে চৰকাৰৰ লক্ষ্য নির্ধাৰণ

ৰাজ্য চৰকাৰে পৰৱৰ্তী পাঁচ বছৰত পাঁচ লাখ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয়, যে বনভূমিত অবৈধ দখল আৰু খননৰ সুযোগ নথকাটো নিশ্চিত কৰাৰ বাবে বন বিভাগক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উপগ্ৰহৰ জৰিয়তে নিৰন্তৰ নিৰীক্ষণৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে ৰাজ্যৰ বনভূমি আৰু প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব। তেওঁ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত এহেজাৰ দিনত গঁড়ৰ চোৰাং চিকাৰৰ কোনো ঘটনা সংঘটিত হোৱা নাই বুলি উল্লেখ কৰে।

তেওঁ ইয়াক বনকৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টা, ৰাজ্য চৰকাৰৰ দৃঢ় সংকল্প আৰু বন্য প্রাণী সুৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীন স্থিতিৰ সুফল বুলি অভিহিত কৰে। তেওঁ কয়, যে এই ধাৰা ভবিষ্যতেও ৰাখিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ড০ শর্মাই লগতে ৰাজ্যত অমূল্য প্রাকৃতিক ঐতিহ্য আৰু বন্যপ্রাণী সুৰক্ষিত ৰখাটো চৰকাৰৰ দায়িত্ব তথা সংকল্প বুলি মন্তব্য কৰে