ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি ২৯ নৱেম্বৰত নতুন দিল্লীত সামৰণি অনুষ্ঠানত এহেজাৰগৰাকী শিল্পীৰ সুধাকণ্ঠৰ গীত পৰিৱেশন

ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি অহা ২৯ নৱেম্বৰত নতুন দিল্লীত আয়োজন কৰা সামৰণি অনুষ্ঠানত এহেজাৰগৰাকী শিল্পীয়ে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰিব।

ভাৰত মণ্ডপমত আয়োজিত অনুষ্ঠানত শিল্পীসকলে মানুহে মানুহৰ বাবে আৰু আমি একেখন নাৱৰে যাত্রী গীত দুটা পৰিৱেশন কৰি বিশিষ্ট সংগীত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ কথা উল্লেখ কৰে সামাজিক মাধ্যম যোগে এই কথা প্রকাশ কৰিছে।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে এইবাৰ ড০ ভূপেন হাজৰিকাৰ নামত এটা ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি প্ৰথমবাৰৰ বাবে এই বঁটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীতশিল্পী ঊষা মংগেশকাৰক প্ৰদানৰ কথা চৰকাৰে ঘোষণা কৰিছে।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে অলপতে লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ২৯ নৱেম্বৰত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

সামৰণি অনুষ্ঠানত সংগীত শিল্পীগৰাকীৰ অনন্য অৱদান আৰু কালজয়ী সৃষ্টিৰাজি উদযাপন কৰা হ’ব। অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। তদুপৰি, দেশ-বিদেশৰ প্ৰায় ৫ হাজাৰ গুণমুগ্ধ আৰু বিশিষ্ট শিল্পীয়ে এই অনুষ্ঠানত অংশ ল’ব।