October 25, 2026 11:22 AM
4
ৰাজ্যত পুনৰ ৫ লাখ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে চৰকাৰৰ লক্ষ্য নির্ধাৰণ
ৰাজ্য চৰকাৰে পৰৱৰ্তী পাঁচ বছৰত পাঁচ লাখ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয়, যে বনভূমিত অবৈধ দখল আৰু খননৰ সুযোগ নথকাটো নিশ্চিত কৰাৰ বাবে বন বিভাগক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উপগ্ৰহৰ জৰিয়তে নিৰন্তৰ নিৰীক্ষণৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে ৰাজ্যৰ বনভূমি আৰু প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। তেওঁ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উ...