● ৰাজ্যৰ সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ন্যায়ালয়ৰ সমান ক্ষমতাসম্পন্ন এখন স্থায়ী আয়োগ গঠনৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰি এই কথা উল্লেখ কৰে। তেওঁ কয়, যে অহা অক্টোবৰত হ’বলগীয়া বিধানসভাৰ অধিৱেশনত ইয়াৰ অনুমোদন লোৱা হ’ব। পৰিদর্শনকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে। ইপিনে চিকিৎসা খণ্ডৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ড০ শৰ্মাই কয়, যে ৰাজ্যত শীঘ্ৰেই নতুনকৈ ৪০০ চিকিৎসকক নিযুক্তি দিয়া হ’ব। তেওঁ কয়, যে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয়ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিদেশী নাগৰিকৰ এন আৰ চিত নাম থাকিলেও তেওঁলোকে ৰাজ্য এৰিব লাগিব। একে নামৰ সুযোগ লৈ বহুলোকে বেলেগ জিলাৰ লোককো পিতৃ পৰিচয় দি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিছে বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে এন আৰ চিত ভুৱা তথ্যৰে নাম অন্তর্ভুক্ত কৰাৰ বাবে একাংশ যুৱকে বহিঃৰাষ্ট্ৰত প্ৰশিক্ষণ লৈ অহাৰো অভিযোগ তোলে।
Assamese | June 12, 2025 11:08 AM | Akashvani | Akashvani Guwahati | CM Himanta Biswa Sarma | CMO Assam | Satra Bhumi
সত্ৰসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এখন স্থায়ী আয়োগ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা