মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ গড়ল তালুকবাসী ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মা দুর্গা মন্দিৰৰ মণিকূট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্রীয়ে এই মণিকূট নিৰ্মাণৰ বাবে ২৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ১৯২৭ চনত স্থাপন হোৱা গড়ল তালুক নামৰ অনুষ্ঠানটোৰ শতবৰ্ষ উদযাপনৰ পূৰ্বে এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হব বুলি ড০ শর্মাই আশা প্রকাশ কৰে। এই অনুষ্ঠানতে তেওঁ নুমলীগড় শোধনাগাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আজাৰা অঞ্চলৰ লোকসকলে জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ প্ৰদান কৰা এখন এম্বুলেন্স সেৱা মুকলি কৰে। মুখ্যমন্ত্ৰী শৰ্মাই ১০২ কোটি টকা ব্যয় সাপেক্ষে বৰ্তমানৰ আজাৰা চিকিৎসালয়ক জিলা চিকিৎসালয়লৈ ৰূপান্তৰৰ প্ৰচেষ্টা চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে।
Assamese | June 2, 2025 7:43 PM | Akashvani News | CM Himanta Biswa Sarma | CMO Assam
গুৱাহাটীৰ গড়ল তালুকবাসী ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মা দুর্গা মন্দিৰৰ মণিকূট নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ