■ ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই সন্দৰ্ভত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত স্বাস্থ্য শিবিৰত বিভিন্ন জটিল ৰোগত আক্রান্ত ১৮ বছৰৰ তলৰ ৰোগীসকলক চিনাক্ত কৰি তেওঁলোকৰ প্রয়োজনীয় চিকিৎসা কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি স্বাস্থ্য শিবিৰৰ বাবে প্ৰয়োজনীয় চিকিৎসক, শিবিৰৰ স্থান আদি বিষয়তো আলোচনা কৰা হয়। শিবিৰত চিনাক্ত হোৱা ৰোগীৰ আয়ুষ্মান কার্ড নাথাকিলে তেওঁলোকক কেনেদৰে এই কার্ড যোগান ধৰা হ’ব, সেই বিষয়তো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে।
Assamese | June 24, 2025 12:36 PM | Akashvani Guwahati | Assam Govt | CM Himanta Biswa Sarma | CMO Assam
বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত