গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাচক্ৰখন ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ড০ ভূপেন হাজৰিকাৰ আত্মীয়তাৰ কথা ব্যক্ত কৰে। প্ৰথম দিনা অনুষ্ঠিত দুখনকৈ অনুষ্ঠিত আলোচনা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্রী, গৱেষক শিক্ষার্থীয়ে আলোচনা পত্র পাঠ কৰা হয়। কাইলৈ ভূপেন হাজৰিকা বিষয়ক বিশিষ্ট শিল্পী কমল কটকীয়ে মূল বক্তৃতা প্ৰদান কৰিব৷
Assamese | November 17, 2025 6:04 PM | Akashvani | Akashvani Guwahati | Bhupen hazarika | Guwahati University | Zubeen Garg
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান