September 10, 2026 1:50 PM

views 7

কেন্দ্ৰীয় শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত ২০২৭ বৰ্ষৰ বিশ্ব বহনক্ষম উন্নয়ন শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন

কেন্দ্ৰীয় শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালি ২০২৭ বৰ্ষৰ বিশ্ব বহনক্ষম উন্নয়ন শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু সহনশীলতা আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, যে অদূৰ ভৱিষ্যতত জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিষয় দুটা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব। অসমৰ বাবে উন্নয়ন আৰু ঔদ্যোগিকীকৰণৰ সমান্তৰালভাৱে কিদৰে পৰিৱেশ বহনক্ষম আৰু জলবায়ু...

September 7, 2026 12:55 PM

views 33

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ লৈছে। ১১০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাৱাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীর্ঘ কাল ধৰি অ...

August 11, 2026 1:54 PM

views 37

গুৱাহাটী বিশ্ববিদ্যালয়ত ৫বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন

নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে কালি গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। ড° ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচার্য ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয়, যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ। এই শিক্ষানুষ্ঠানখনলৈ অহা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ ঐতিহ্য হৃদয়...

August 10, 2026 10:01 PM

views 25

গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান

নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়।  ড০ ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচার্য ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয়, যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ। অসমৰ জনসাধাৰণৰ আকাংক্ষা আৰু ভাৰত ৰত্ন সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈ...

August 1, 2026 9:59 PM

views 25

গুৱাহাটী বিশ্ববিদ্যালয়ত ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা কোৱাণ্টাম প্রযুক্তি বিষয়ত স্নাতক মাইনৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ

গুণগত শিক্ষা, উদ্ভাৱনীমূলক গৱেষণা আৰু ভৱিষ্যতমুখী শিক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২৬-২৭ শিক্ষা বৰ্ষৰ পৰা কোৱাণ্টাম প্রযুক্তি বিষয়ত স্নাতক মাইনৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ অধীনত আৰম্ভ কৰা এই পাঠ্যক্ৰম বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগে পৰিচালনা কৰিব।  ইয়াৰ জৰিয়তে ভৱিষ্যতৰ প্ৰয়োজনৰ সৈতে সংগতি ৰাখি দক্ষ মানৱ সম্পদ গঢ়ি তোলাত সহায় কৰিব যিয়ে ৰাষ্ট্ৰীয় কোৱাণ্...

June 29, 2026 6:42 PM

views 27

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্যপ্রযুক্তি বিভাগৰ গ্রীষ্মকালীন ইন্টার্ণশ্বিপ কার্যসূচীৰ শুভাৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্যপ্রযুক্তি বিভাগে আজি গ্রীষ্মকালীন ইন্টার্ণশ্বিপ কার্যসূচী ২০২৬ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্যপ্রযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ ২৮০গৰাকী শিক্ষার্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্ণিং, জেনেৰেটিভ এ-আই, নেচাৰেল লেংগুৱেজ প্ৰচেচিং, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ ভিজন, ডাটা চায়েন্স, মাল্টিমিডিয়া, ভি এফ এক্স, এ-আই ফৰ কগনিচন আৰু কম্পিউটাৰ হাৰ্ডৱেৰ তথা নেটৱৰ্কিং আদি ১১টা অত্যাধুনিক বিষয় এই কাৰ্যস...

January 23, 2026 7:22 PM

views 63

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মীন পালন আৰু জৈৱ-বৈচিত্র্য কেন্দ্রত বিশেষ মীন গৱেষণা কেন্দ্র মুকলি

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মীন পালন আৰু জৈৱ-বৈচিত্র্য কেন্দ্রত বিশেষ মীন গবেষণা কেন্দ্র মুকলি কৰে। তদুপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কৃষক প্রশিক্ষণ আবাস গৃহৰো আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য ননীগোপাল মহন্ত উপস্থিত থাকে। ইয়াৰ ফলত ৰাজ্যৰ মীন পালন খণ্ডত দক্ষতা বিকাশ, গৱেষণা আৰু সামর্থ্য নির্মাণ ত্বৰান্বিত হ'ব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মাজত বিশেষ মীন সম্পৰ্কীয় গৱেষণা তথা সংৰক্ষণ সংবর্ধন কৰা...

January 19, 2026 7:36 PM

views 74

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬ উদ্বোধন কৰে। এই প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰা হৈছে। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্রতিযোগিতাত অৱতীৰ্ণ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত এই প্রতিযোগিতা অনুষ্...

January 19, 2026 12:25 PM

views 64

আজিৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীর্ষক অনুষ্ঠানৰ আয়োজন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ধ্যালয়ে আজিৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীর্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যুৱক-যুবতীসকলক একত্ৰিত কৰা হ'ব। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্রতিযোগিতাত অবতীর্ণ হ'ব। কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীয়ে আজি এই প্রতিযোগিতা উদ্বোধ...

December 29, 2025 7:50 PM

views 53

গুৱাহাটী মহাবিদ্যালয়ত চলি থকা তিনিদিনীয়া গ্রন্থমেলা প্রাংগণত আজি মুকলি কুইজ প্রতিযোগিতা অনুষ্ঠিত

অসম চৰকাৰৰ গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি গুৱাহাটী মহাবিদ্যালয়ত চলি থকা তিনিদিনীয়া গ্রন্থমেলা প্রাংগণত আজি এখন মুকলি কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলৰ মাজত অনুষ্ঠিত কুইজ প্রতিযোগিতাখনিৰ মূল বিষয় আছিল সদ্যপ্রয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ জীৱনজোৰা শিল্পযাত্রা। মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° অনুজয় কুমাৰ শইকীয়াই আঁত ধৰা প্রতিযোগিতাখন পৰিচালনা কৰে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডৎকৌশিক হাজৰিকাই আৰু তেওঁক সহযোগ কৰে ইতিহাস বিভাগৰ সহকাৰী অধ্...