August 10, 2026 10:01 PM | Guwahati University

printer

গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান

নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। 

ড০ ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচার্য ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয়, যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ। অসমৰ জনসাধাৰণৰ আকাংক্ষা আৰু ভাৰত ৰত্ন সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈৰ দূৰদৰ্শী নেতৃত্বৰ ফলত প্রতিষ্ঠিত এই বিশ্ববিদ্যালয়ে গুণগত শিক্ষা, গৱেষণা, দক্ষতা বিকাশ আৰু নিৰন্তৰ উদ্ভাৱনৰ জৰিয়তে নিজৰ ঐতিহ্যক সমৃদ্ধ কৰি আহিছে বুলি উপাচাৰ্যৰ্গৰাকীয়ে মন্তব্য কৰে। 

তেওঁ নৱাগত শিক্ষাৰ্থীসকলে জ্ঞানৰ অন্বেষণৰ জৰিয়তে এই ঐতিহ্যৰ বাট কাটিব বুলি আশা কৰে। এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে মুখ্য অতিথিৰ আসন অলংকৃত কৰে। তেওঁ শিক্ষাৰ্থীসকলক শৃংখলা, আত্মবিশ্বাস, অধ্যাৱসায় আৰু দায়িত্ববোধৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান জনায়। অসম গৌৰৱ সন্মানেৰে সন্মানিত দুসাহসী ক্রীড়াবিদ মিনাক্ষি দাসে এই অনুষ্ঠান বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।