December 6, 2025 8:40 PM

views 71

জলবায়ু বিজ্ঞানী তথা অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ

খ্যাতনামা জলবায়ু বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ আগবঢ়োৱা হৈছে। অনুসন্ধান নেচনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ বিষয়া ড০ শিৱকুমাৰ কল্যাণ ৰমনে এই কথা ঘোষণা কৰিছে। দেশৰ শ্ৰেষ্ঠ অৱসৰপ্ৰাপ্ত বিজ্ঞানী, অভিজ্ঞ গৱেষক আৰু উদ্যোগ বিশেষজ্ঞসকলক গৱেষণামুখী বিশ্ববিদ্যালয়সমূহত নিযুক্ত কৰাই এই প্ৰফেচৰশ্বিপৰ মূল উদ্দেশ্যে। গুৱাহাটী বিশ্বাবিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্তই এটা শুভেচ্ছামূ...

November 17, 2025 6:04 PM

views 94

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাচক্ৰখন ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ড০ ভূপেন হাজৰিকাৰ আত্মীয়তাৰ কথা ব্যক্ত কৰে। প্ৰথম দিনা অনুষ্ঠিত দুখনকৈ অনুষ্ঠিত আলোচনা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষ...

September 5, 2025 12:11 PM

views 65

এন আই আৰ এফত দেশৰ শীৰ্ষৰ ১০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থান দখল গুৱাহাটী বিশ্ববিদ্যালয়ৰ

গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা মন্ত্ৰ্যালয়ে কালি ঘোষণা কৰা চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় প্রাতিষ্ঠানিক ৰেংকিং এন আই আৰ এফত দেশৰ শীৰ্ষৰ ১০ খন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থান দখল কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই ৰেংকিঙত কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ে শীর্ষ স্থান আৰু চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ে দ্বিতীয় স্থান দখল কৰে। চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰে। ইপিনে, আই আই টি, গুৱাহাটীয়ে গৱেষণা প্ৰতিষ্ঠান আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ তালিকাত ক্ৰমে দশম আৰু অষ্টম স্থা...

August 29, 2025 7:40 PM

views 76

গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বিতীয় নিৰু হাজৰিকা সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত দ্বিতীয় নিৰু হাজৰিকা সোঁৱৰণি তৰ্ক প্ৰতিযোগিতাত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রথম শ্রেষ্ঠ দল, এন ই এফ ল' কলেজ দ্বিতীয় শ্ৰেষ্ঠ দল আৰু গুৱাহাটী বিশ্ববিদ্যালয় তৃতীয় শ্রেষ্ঠ দল হিচাপে বিবেচিত হৈছে। এন ই এফ কলেজৰ কুলদীপ ভট্টাচাৰ্য শ্রেষ্ঠ তার্কিকৰ খিতাপ অৰ্জন কৰিছে। একেদৰে আই আই টি গুৱাহাটীৰ আৰু মায়ম থামে - জুৰিৰ বিশেষ বঁটা লাভ কৰিছে। অধ্যাপক অখিল ৰঞ্জন দত্ত অধ্যক্ষ হিচাপে থকা তর্ক প্রতিযোগিতাখনত জ্যেষ্ঠ অধিবক্তা উমি ডেকা বৰুৱা, আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজ...

July 3, 2025 7:58 PM

views 68

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্রযুক্তি বিভাগৰ উদ্যোগত আজিৰে পৰা ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন

উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় ভাষাসমূহক ডিজিটেল মাধ্যমত উপলব্ধ কৰাৰ ক্ষেত্ৰত অগ্ৰণী পদক্ষেপ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্রযুক্তি বিভাগৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ PART OF SPEECH TAGGING FOR NORTH-EAST INDIAN LANGUAGES এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কর্মশালা উদ্বোধন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা ক্ষুদ্ৰ ভাষিক গোটসমূহৰ ভাষাৰ সুৰক্ষা তথা প্ৰসাৰৰ ক্ষেত্ৰত ডিজিটেল প্ৰয়োগৰ গুৰুত্ব আলোকপাত কৰে। ভাষা কেৱল যোগাযোগৰ মাধ্যমেই নহয় বৰং ই হৈছে ভাষিক গোট ...

June 1, 2025 11:53 AM

views 78

মেঘালয়ৰ চূণশিলৰ গুহাৰ গভীৰতাত এবিধ নতুন প্রজাতিৰ মাছ চিনাক্ত

● গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এটা দলে ড০ কংকন শর্মাৰ নেতৃত্বত মেঘালয়ৰ চূণশিলৰ গুহাৰ গভীৰতাত এবিধ নতুন প্রজাতিৰ মাছ চিনাক্ত কৰিছে। লেডী কিন কলেজ, শ্বিলং আৰু আই চি এ আব নেচনেল ব্যুৰ’ অৱ ফিছ জেনেটিক বিছাৰ্ছ লক্ষ্ণৌৰ সহযোগিতাত আৱিষ্কাৰ কৰা মাছৰ প্ৰজাতিবিধক শ্বিষ্টুৰা ডেনচিক্লাভা নামেৰে নামকৰণ কৰিছে। মেঘালয়ৰ অতি অন্ধকাৰ গুহাৰ মাটিৰ তলত শ শ মিটাৰ গভীৰতাত পোৱা এই মাছবিধে অতি দুর্গম পৰিস্থিতিত জীয়াই থাকিব পাৰে। এই গৱেষণা আৰু আৱিষ্কাৰে গুহাৰ পৰিৱেশত মাছৰ জীৱন প্ৰণালী বিষয়ে বিশদ অধ্য...

January 7, 2025 8:57 PM

views 71

ভাৰতভূষণ দেৱচৌধুৰীক গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে মনোনীত

অসম লোকসেৱা আয়োগৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভাৰতভূষণ দেৱচৌধুৰীক গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে মনোনীত কৰিছে। সুদীৰ্ঘ কালৰ প্ৰশাসনিক অভিজ্ঞতা আৰু দক্ষতাৰ বাবে দেৱচৌধুৰীক এই পদবীৰ বাবে মনোনীত কৰা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে। তেওঁ অসামৰিক প্ৰশাসন সম্পৰ্কীয় বিষয়সমূহৰ পাঠদান কৰাৰ উপৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কেন্দ্ৰীয় তথা ৰাজ্যিক লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত প্ৰতিযোগিতামূলক পৰীক্ষাব...

December 11, 2024 12:41 PM

views 66

মঙলবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালিৰেপৰা দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অগ্নি নির্বাপন, ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ব্যৱস্থাপনা আৰু উদ্ধাৰ অভিযানত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব পৰাকৈ যুৱ প্ৰজন্মক সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। যিকোনো দুৰ্যোগকালীন পৰিস্থিতিত ক্ষতি হ্ৰাস কৰি উদ্ধাৰ অভিযানৰ সময়ত তাৎক্ষণিকভাৱে ল'বলগীয়া ব্যৱস্থা আৰু প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰিক জ্ঞ...

November 4, 2024 6:55 PM

views 101

ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰে হাতত লোৱা ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত চৰ্যাপদৰ পৰা নৱ্য ভাৰতীয় আৰ্য ভাষালৈ অসমীয়া ভাষাৰ দীঘলীয়া পৰিক্ৰমা সন্দৰ্ভত তেওঁ বিৱৰণ দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া ভাষাৰ চৰ্চা, গৱেষণা ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা ভাষাবিদ পণ্ডিতসকলক স্মৰণ কৰে। অনুষ্ঠানত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ক...

September 2, 2024 7:57 PM

views 67

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ দীক্ষাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আজি দীক্ষাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ভাষণত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত শিক্ষাৰ বিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ সমাজৰ উন্নতিৰ বাবে নৈতিকতা আৰু জ্ঞান গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। আনহাতে অনুষ্ঠানটোত অসম ৰাজ্যিক জনসেৱাৰ অধিকাৰ আয়োগৰ মুখ্য আয়ুক্ত ড০ সূজয় লাল থাউচেনে অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু ইয়াৰ উপায় সন্দৰ্ভত ভাষণ আগবঢ়া...