খ্যাতনামা জলবায়ু বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ আগবঢ়োৱা হৈছে। অনুসন্ধান নেচনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ বিষয়া ড০ শিৱকুমাৰ কল্যাণ ৰমনে এই কথা ঘোষণা কৰিছে। দেশৰ শ্ৰেষ্ঠ অৱসৰপ্ৰাপ্ত বিজ্ঞানী, অভিজ্ঞ গৱেষক আৰু উদ্যোগ বিশেষজ্ঞসকলক গৱেষণামুখী বিশ্ববিদ্যালয়সমূহত নিযুক্ত কৰাই এই প্ৰফেচৰশ্বিপৰ মূল উদ্দেশ্যে। গুৱাহাটী বিশ্বাবিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্তই এটা শুভেচ্ছামূলক বার্তাত কয় যে অধ্যাপক ভূপেন্দ্ৰনাথ গোস্বামীৰ দৰে অভিজ্ঞ বিজ্ঞানীয়ে বিশ্ববিদ্যালয়ত গৱেষণা কৰিলে জলবায়ু আৰু পৰিবেশ বিজ্ঞানৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহে অধিক গতি লাভ কৰিব। উল্লেখযোগ্য যে দেশৰ শীৰ্ষ বিজ্ঞানী, জ্যেষ্ঠ অধ্যাপক আৰু কেইবাখনো ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পূৰ্বৰ পৰিচালকক এই প্ৰফেচৰশ্বিপ প্ৰদান কৰা হৈছে।
Assamese | December 6, 2025 8:40 PM | Akashvani | Akashvani Guwahati | Guwahati University
জলবায়ু বিজ্ঞানী তথা অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ