গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা মন্ত্ৰ্যালয়ে কালি ঘোষণা কৰা চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় প্রাতিষ্ঠানিক ৰেংকিং এন আই আৰ এফত দেশৰ শীৰ্ষৰ ১০ খন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থান দখল কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই ৰেংকিঙত কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ে শীর্ষ স্থান আৰু চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ে দ্বিতীয় স্থান দখল কৰে। চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰে। ইপিনে, আই আই টি, গুৱাহাটীয়ে গৱেষণা প্ৰতিষ্ঠান আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ তালিকাত ক্ৰমে দশম আৰু অষ্টম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। একেদৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি শিক্ষানুষ্ঠানৰ তালিকাত অষ্টাদশ স্থান লাভ কৰিছে। এন আই আৰ এফ ৰেংকিঙে পাঠদান, শিক্ষণ সম্পদ গৱেষণা আৰু পেছাদাৰী পদ্ধতি, স্নাতক ডিগ্ৰীৰ ফলাফল, প্ৰসাৰ, নামভৰ্তি আদি বিভিন্ন দিশ চালি-জাৰি চাই শিক্ষানুষ্ঠানসমূহৰ মূল্যায়ন কৰে।
Assamese | September 5, 2025 12:11 PM | Guwahati University
এন আই আৰ এফত দেশৰ শীৰ্ষৰ ১০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থান দখল গুৱাহাটী বিশ্ববিদ্যালয়ৰ