কেন্দ্ৰীয় শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত ২০২৭ বৰ্ষৰ বিশ্ব বহনক্ষম উন্নয়ন শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন

কেন্দ্ৰীয় শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালি ২০২৭ বৰ্ষৰ বিশ্ব বহনক্ষম উন্নয়ন শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু সহনশীলতা আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়।

অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, যে অদূৰ ভৱিষ্যতত জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিষয় দুটা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব।

অসমৰ বাবে উন্নয়ন আৰু ঔদ্যোগিকীকৰণৰ সমান্তৰালভাৱে কিদৰে পৰিৱেশ বহনক্ষম আৰু জলবায়ু অনুকুল কৰি ৰাখিব পাৰি, সেইবিষয়ে এই কাৰ্যসূচীত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।