গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিমিষা ঠাকুৰীয়া নামৰ ছাত্ৰীৰ হত্যাৰ গোচৰত অভিযুক্ত আছিক আলী আৰক্ষীৰ গুলীত আহত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিমিষা ঠাকুৰীয়া নামৰ এগৰাকী ছাত্ৰীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আছিক আলী আৰক্ষীৰ গুলীত আহত হৈছে।

ছাত্ৰীগৰাকীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আছিক আলীক আৰক্ষীয়ে লগত লৈ আজি পুৱতি নিশা তথ্য সংগ্ৰহৰ বাবে যাওঁতে পলায়নৰ চেষ্টা কৰে।

ফলস্বৰূপে আৰক্ষীয়ে কৰা গুলীচালনাত অভিযুক্ত আছিক আলীৰ ভৰিত গুলী লাগি আহত হয়। আহত অভিযুক্তগৰাকীক আৰক্ষীয়ে লগে লগে গড়ল প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায় আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

ভৰিত দুটা গুলী লগা অভিযুক্ত আছিক আলী বর্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চিকিৎসাধীন হৈ আছে।