দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ লৈছে। ১১০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাৱাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীর্ঘ কাল ধৰি অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মুগাৰ অংগবস্ত্ৰ, শৰাই আৰু নামসিংহৰে উপ-ৰাষ্ট্ৰপতিক আদৰণি জনায়। ইয়াৰ পাছতে ৰাধাকৃষ্ণণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থ – চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংস্কৰণ আৰু Bhupen Hazarika -Hundred Years of Wandering Song আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় সংপৃক্ত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ তথা বিজ্ঞান মানসিকতা আৰু সময়োপযোগী জ্ঞানৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসে সমাজৰ প্ৰতি থকা বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে।
শ্ৰীৰাধাকৃষ্ণণে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষার্থী, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত আছে।
শ্ৰীৰাধাকৃষ্ণণে আজি পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয়। মন্ত্রী অজন্তা নেওগে এই দর্শন কালত উপ-ৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে। উপ-ৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমণ সামৰি আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ’ব। তাত তেওঁ ছ’ছ’থাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যর্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
উপ-ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আই এন এ সংগ্ৰহালয় তথা যুদ্ধস্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ’ব।
ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণণে অৰুণাচল প্রদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল’ব আৰু বিধানসভা বিথীকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা ডঞি প’লো মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব।