October 3, 2026 6:09 PM

views 4

অর্থনৈতিক সৱলীকৰণ আৰু সামাজিক সৱলীকৰণৰ বিষয় দুটা পৃথক বা সুকীয়া সুকীয়াকৈ চাব পৰা নাযায়ঃ উপ ৰাষ্ট্ৰপতি

অর্থনৈতিক স্থিতিস্থাপকতাক সামাজিক স্থিতিস্থাপকতাৰ পৰা পৃথক কৰিব নোৱাৰি। নতুন দিল্লীত আজি পঞ্চম কৌতিল্য অর্থনৈতিক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এইদৰে প্ৰকাশ কৰে । তেওঁ কয়, যে গণতন্ত্ৰ আৰু উন্নয়ন একেলগে প্ৰগতিৰ দিশত অগ্ৰসৰ হ'ব পাৰে। সহমত অন্তৰ্ভুক্তিকৰণ আৰু সঁহাৰিজনক নীতি নিৰ্ধাৰণে বহনক্ষম উন্নয়নৰ ভেটি গঢ়ে বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে নগৰিক, উদ্যোগ আৰু অঞ্চলসমূহৰ উন্নয়নে প্রকৃত স্থিতিস্থাপকতা নিশ্চিত কৰিব পাৰে। ২০৪৭ চনৰ ভিতৰত বি...

September 22, 2026 3:53 PM

views 8

পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰেঃ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত নৱম ভাৰত আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহ উদ্বোধন কৰে। এই উপলক্ষে শ্ৰীৰাধাকৃষ্ণণে পানীৰ সঠিক ব্যৱহাৰ আৰু জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰে। জল সপ্তাহক পানী ব্যৱস্থাপনাৰ প্ৰত্যাহ্বান সম্পৰ্কে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলাপ আলোচনাৰ গুৰুত্বপূৰ্ণ মঞ্চ বুলি অভিহিত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰে। তেওঁ কয় যে জল ব্যৱস্থাপনাৰ বাবে অধিক সহযোগিতা আৰু সমন্বিত দৃষ্টিভংগীৰ আৱশ্যকতা আছে। তেওঁ লগতে প...

September 7, 2026 12:55 PM

views 32

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ লৈছে। ১১০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া এই প্ৰকল্পৰ ভিতৰত শৈক্ষিক ভৱন, ছাত্ৰাৱাস, আধুনিক মেছ ভৱন, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণ আদি অন্যতম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনে সুদীর্ঘ কাল ধৰি অ...

September 4, 2026 6:06 PM

views 19

দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ গুৱাহাটীত উপস্থিত হ’ব

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ'ব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ দিনৰ ১০.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনাই বিয়লি ৩ বাজি ১৫ মিনিটত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব।

August 19, 2026 6:45 PM

views 19

উপ-ৰাষ্ট্ৰপতি চি. পি ৰাধাকৃষ্ণণে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব

উপ-ৰাষ্ট্ৰপতি চি. পি ৰাধাকৃষ্ণণে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালত তেওঁ ডোৰাদুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱাৰ ২০২৫-২৭ বৰ্ষৰ প্ৰশিক্ষাৰ্থী বিষয়া সকলক উদ্দেশ্যি ভাষণ দিব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মৌচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় একাডেমীত ২০২৪ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সকলৰ বাবে আয়োজিত দ্বিতীয় বৃত্তিমুখী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত অংশ ল'ব। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু প্ৰশাসনে নিৰাপত্তা...

July 11, 2026 8:11 PM

views 22

গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক কিন্তু সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সর্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিতঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক কিন্তু সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সর্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। গয়াত থকা বিহাৰ ৰাজহুৱা প্ৰশাসন আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে ১৮ সংখ্যক বিহাৰ বিধানসভাৰ সদস্যসকলৰ প্রশিক্ষণ কাৰ্যসূচী মুকলি কৰি তেওঁ এই কথা প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এনেধৰণৰ কার্যসূচীয়ে গণতান্ত্রিক প্রতিষ্ঠানসমূহক সবল কৰাৰ লগতে ৰাজহুৱা প্ৰশাসকসকলক সাংবিধানিক দায়ত্বসমূহ কাৰ্যক্ষমভাৱে ৰূপায়ণ কৰিবলৈ স...

July 7, 2026 8:20 PM

views 22

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ২ লাখ ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ২ লাখ ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয় যে সুস্থ, সবল আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে বৃহৎ সংখ্যক ছাত্র-ছাত্রী একেলগে ওলাই অহা কার্য অতি প্রশংসনীয়। তেওঁ সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহক মাদক দ্ৰৱ্য সেৱনৰ পৰা আঁতৰি থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্ৰীৰাধাকৃষ্ণণে লগতে দেশৰ...

July 1, 2026 2:39 PM

views 25

চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ শুভেচ্ছা জ্ঞাপন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে মানৱতাৰ সেৱাৰ ক্ষেত্ৰত চিকিৎসকলকৰ নিষ্ঠা, সহমর্মিতা, দক্ষতা আৰু সমৰ্পনৰ শলাগ লয়। তেওঁ কয় যে বিগত বছৰসমূহত দেশে স্বাস্থ্য সেৱা খণ্ডত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বৰ সৰ্ববৃহৎ কোভিড-১৯ প্রতিষেধক প্রদান অভিযান, আয়ুষ্মান ভাৰত পদক্ষেপৰ জৰিয়তে সুলভ স্বাস্থ্য সেৱাৰ সুবিধা, স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু উন্নত স্বাস্থ্য স...

June 23, 2026 2:17 PM

views 35

ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু তিথিত শ্রদ্ধা নিবেদন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু তিথিত শ্রদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ড° মুখার্জী এগৰাকী দূৰদৃষ্টিসম্পন্ন নেতা, বিশিষ্ট শিক্ষাবিদ আৰু দেশপ্রেমিক আছিল। তেওঁ কয়, যে ড° মুখাৰ্জীয়ে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে নিৰ্ভীকভাৱে মাত মাতি গৈছিল। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এখন শক্তিশালী, একতাপূৰ্ণ আৰু উন্নয়নশীল ভাৰত গঢ়াৰ নিমিত্তে ড° মুখাৰ্জীৰ ত্যাগ ভৱিষ্যত প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাদায়ক হৈ ৰব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদ...

January 13, 2026 6:08 PM

views 79

দেশৰ যুৱ সমাজ মাদকদ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হ’লেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব: উপ-ৰাষ্ট্ৰপতি

দেশৰ যুৱ সমাজ মাদকদ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হ'লেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিশ্ববিদ্যালয়সমূহৰ মাদকদ্রব্য মুক্ত শিবিৰ কাৰ্যসূচীত অংশ লৈ দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। তেওঁ এই কাৰ্যসূচীক চৰকাৰৰ নিচামুক্ত ভাৰত অভিযানৰ সৈতে অনুৰূপ বুলি উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণণে কয় যে মাদক দ্ৰব্যৰ অপব্যৱহাৰ হৈছে এটা সামাজিক প্ৰত্যাহ্বান আৰু ই জনস্বাস্থ্যৰ প্ৰতি উদ্বেগজনক তথা দেশৰ জ...