উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ’ব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ দিনৰ ১০.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব।
সেইদিনাই বিয়লি ৩ বাজি ১৫ মিনিটত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল’ব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ’বলগীয়া এটা অনুষ্ঠানত অংশ ল’ব।