গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক কিন্তু সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সর্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিতঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক কিন্তু সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সর্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত।

গয়াত থকা বিহাৰ ৰাজহুৱা প্ৰশাসন আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে ১৮ সংখ্যক বিহাৰ বিধানসভাৰ সদস্যসকলৰ প্রশিক্ষণ কাৰ্যসূচী মুকলি কৰি তেওঁ এই কথা প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এনেধৰণৰ কার্যসূচীয়ে গণতান্ত্রিক প্রতিষ্ঠানসমূহক সবল কৰাৰ লগতে ৰাজহুৱা প্ৰশাসকসকলক সাংবিধানিক দায়ত্বসমূহ কাৰ্যক্ষমভাৱে ৰূপায়ণ কৰিবলৈ সমৃদ্ধ কৰি তোলে।

ভাৰতৰ গণতান্ত্ৰিক যাত্ৰাত বিহাৰক পথ পদর্শক বুলি উল্লেখ কৰি তেওঁ প্ৰশাসকসকলক এই গৌৰৱৰ যাত্ৰা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। তেওঁ বিহাৰক উন্নত আৰু নিয়োগ সৃষ্টি কৰা ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায়, যাতে আন ৰাজ্যৰ কৰ্মীসকল বিহাৰৰ প্ৰতি আকৰ্ষিত হয়।

বিধানসভাৰ প্রশ্নোত্তৰ কাল, শূন্যকাল আৰু কাৰ্যকৰী সমিতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ বিধানসভাৰ কাম-কাজ অৰ্থপূৰ্ণ আৰু নিয়াৰিকৈ চলাই নিয়াটো সুনিশ্চিত কৰিবলৈ সদস্যসকলৰ প্ৰতি আহ্বান জনায়।