পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰেঃ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত নৱম ভাৰত আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহ উদ্বোধন কৰে। এই উপলক্ষে শ্ৰীৰাধাকৃষ্ণণে পানীৰ সঠিক ব্যৱহাৰ আৰু জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰে।

জল সপ্তাহক পানী ব্যৱস্থাপনাৰ প্ৰত্যাহ্বান সম্পৰ্কে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলাপ আলোচনাৰ গুৰুত্বপূৰ্ণ মঞ্চ বুলি অভিহিত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰে। তেওঁ কয় যে জল ব্যৱস্থাপনাৰ বাবে অধিক সহযোগিতা আৰু সমন্বিত দৃষ্টিভংগীৰ আৱশ্যকতা আছে।

তেওঁ লগতে প্রযুক্তিগত উদ্ভাৱন, উন্নত নীতি, বৈজ্ঞানিক জ্ঞান, স্থানীয় অভিজ্ঞতা আৰু সমুহীয়া অংশগ্ৰহণৰ সমাহাৰেৰে বহুমুখী দৃষ্টিভংগীৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে জল সম্পদৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে প্ৰশাসনিক আৰু ভৌগলিক সীমাৰ পৰিধি ভাঙি সহযোগিতা অতিকে জৰুৰী।

অনুষ্ঠানত অংশগ্ৰহণ কৰি জল শক্তি মন্ত্ৰী চি আৰ পাৰ্টিলে পানীৰ সংৰক্ষণত গুৰুত্বত আলোকপাত কৰে। তেওঁ কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকলৈ পৰ্যাপ্ত মাত্ৰাত বিশুদ্ধ পানী যোগান ধৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। তেওঁ কয় যে পানী উমৈহতীয়া সম্পদ আৰু সেয়েহে জল সুৰক্ষাও উমৈহতীয়া দায়িত্ব।