উপ-ৰাষ্ট্ৰপতি চি. পি ৰাধাকৃষ্ণণে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব

উপ-ৰাষ্ট্ৰপতি চি. পি ৰাধাকৃষ্ণণে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালত তেওঁ ডোৰাদুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱাৰ ২০২৫-২৭ বৰ্ষৰ প্ৰশিক্ষাৰ্থী বিষয়া সকলক উদ্দেশ্যি ভাষণ দিব।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মৌচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় একাডেমীত ২০২৪ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সকলৰ বাবে আয়োজিত দ্বিতীয় বৃত্তিমুখী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত অংশ ল’ব। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

তদুপৰি জিলা প্ৰশাসনে যান বাহন আৰক্ষী, নিৰাপত্তা বিভাগ আৰু অন্যান্য সকলক যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।