সাম্প্ৰতিক সময়ৰ আন্তঃসংযোজিত বিশ্বৰ প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কেৱল কূটনৈতিক বিকল্প নহয়, বৰং শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে কৌশলগত প্ৰয়োজন বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মত প্ৰকাশ কৰিছে।
নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ ৬৬ সংখ্যক পাঠ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠানত দিয়া ভাষণত শ্ৰী ৰাধাকৃষ্ণণে কয়, যে পাৰস্পৰিক বিনিময় আৰু এই বিনিময়ক সমন্বিত কাৰ্যপন্থালৈ ৰূপান্তৰ কৰাতেই গোলকীয় সহযোগিতাৰ তাৎপৰ্য লুকাই আছে। তেওঁ কয়, যে জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদৰ দৰে গোলকীয় সমস্যাসমূহে সমন্বিত সঁহাৰি দাবী কৰে।
শ্ৰী ৰাধাকৃষ্ণণে কয়, যে ‘বসুধৈৱ কুটুম্বকম্’ কেৱল ভাৰতৰ বাবেই এটা শ্ল’গান নহয়। যিকোনো এখন ৰাষ্ট্ৰ দুৰ্যোগ নাইবা বিপর্যয়ৰ সন্মুখীন হোৱাৰ সময়ত ভাৰত অন্যতম ৰাষ্ট্ৰ হিচাপে সহায়ৰ বাবে অগ্ৰসৰ হয় বুলিও তেওঁ কয়। ভাৰতে আনক দমন কৰি নাইবা হেঁচা প্ৰয়োগ কৰি নহয়, উন্নয়নৰ পদ্ধতিৰে আটাইতকৈ শক্তিশালী ৰাষ্ট্র হিচাপে পৰিগণিত হ’বলৈ বিচাৰে বুলিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে।