ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহর্ষি বাল্মীকি জয়ন্তী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে মহর্ষি বাল্মীকিয়ে ৰচনা কৰা ৰামায়ণৰ দ্বাৰা প্ৰতিগৰাকী ব্যক্তিয়ে জীৱনৰ কৰ্তব্য, স্বাৰ্থপৰহীন কার্যকলাপ, আন মানুহৰ কল্যাণ, বন্ধুত্ব, উৎসর্গা, ত্যাগ আদি গুণসমূহ আয়ত্ব কৰাৰ লগতে এইবোৰ বিষয়ত শিক্ষা লাভ কৰিব পাৰে।
তেওঁ লগতে কয়, যে এই মহাকাব্যই জনসাধাৰণক অর্ন্তনিহিত মূল্যবোধৰ শিক্ষা দি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰামায়ণত বৰ্ণিত আদর্শসমূহ জনসাধাৰণে নিজৰ জীৱনত মানি চলিব আৰু নিজৰ জীৱনৰ লগতে সমাজ জীৱনক সমৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে৷
ইপিনে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে মহর্ষি বাল্মীকিৰ শিকনিসমূহে প্ৰতিজন মানুহৰ জীৱনত নৈতিকতাৰ মূল্য শিকোৱাৰ লগতে এটা প্ৰীতি আৰু সৌহার্দ্যৰ, সংবেদনশীল জীৱন পৰিচালিত কৰাৰ লগতে সমাজকো সমৃদ্ধ কৰিব। শ্ৰী ৰাধাকৃষ্ণনে কয়, যে আদিকাব্য ৰামায়ণ মহর্ষি বাল্মীকিয়ে ৰচনা কৰিছিল আৰু ই বৰ্তমান ভাৰতৰ সংস্কৃতি আৰু সভ্যতাৰ অমূল্য ঐতিহ্য হৈ পৰিছে। তেওঁ লগতে কয়, যে সত্যতা, কর্তব্য, ত্যাগ, সহানুভূতি আদি দিশসমূহেৰে ৰামায়ণ ভৰি আছে ই আজিও জনসাধাৰণক পাঠ নির্দেশনা দি আহিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাল্মীকি জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। তেওঁ কয়, যে মহর্ষি বাল্মীকি ৰামায়ণৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিটো যুগতে তুলি ধৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যে মহর্ষি বাল্মীকিয়ে দেখুৱাই যোৱা মানৱতাৰ পোহৰেৰে দেশৰ মানুহ আলোকিত হৈ আহিছে।